এবিভিপিৰ এছ ই আই এল কাৰ্যক্ৰমৰ কাইলৈ আৰম্ভণি অনুষ্ঠান
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ২৫০ গৰাকী জনজাতীয় ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব এই এছ ই আই এল কাৰ্যক্ৰমত গুৱাহাটীি, ২১ জানুৱাৰী (হি.স.)। উত্তৰ-পূব ভাৰত আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় আৰু সাংস্কৃতিক আদান প্ৰদানৰ উদ্দেশ্যেৰে ১৯৬৬
এবিভিপিৰ এছ ই আই এল কাৰ্যক্ৰমৰ কাইলৈ আৰম্ভণি অনুষ্ঠান


সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ২৫০ গৰাকী জনজাতীয় ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব এই এছ ই আই এল কাৰ্যক্ৰমত

গুৱাহাটীি, ২১ জানুৱাৰী (হি.স.)। উত্তৰ-পূব ভাৰত আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় আৰু সাংস্কৃতিক আদান প্ৰদানৰ উদ্দেশ্যেৰে ১৯৬৬ চনতেই আৰম্ভ হোৱা এছ ই আই এল (ষ্টুডেন্টছ এক্সপেৰিয়েন্স ইন ইন্টাৰ ষ্টেট লিভিং) কাৰ্য্যক্ৰমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ২৫০ গৰাকী জনজাতীয় ছাত্ৰ ছাত্ৰীক ভাৰতবৰ্ষৰ অন্য প্ৰান্তলৈ এক শৈক্ষিক ভ্ৰমণৰ উদ্দেশ্যেৰে লৈ যোৱা হ'ব। ২০২৫ বৰ্ষৰ এই এছ ই আই এল অৰ্থাৎ আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন প্ৰকল্পৰ আৰম্ভণি অনুষ্ঠান কাইলৈ বুধবাৰে গুৱাহাটী মহানগৰীৰ নিকতৱৰ্তী কাঁহিকুচি স্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চমুকৈ এছ আই পি আৰ ডি ত অনুষ্ঠিত হ'ব।

বুধবাৰে অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা জনজাতীয় ছাত্ৰ ছাত্ৰী সকলক সৰ্বমুঠ ৮ টিকৈ দলত বিভক্ত কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ পঠোৱা হ'ব। ২৩ জানুৱাৰী ২০২৫ তাৰিখৰ পৰা ১২ ফেব্ৰুৱাৰী ২০২৫ লৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শৈক্ষিক ভ্ৰমণ কৰি পুন তেওঁলোক গুৱাহাটীত উপস্থিত হোৱাৰ পাছত ১৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এই এছ ই আই এল কাৰ্যক্ৰমৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। এই সমগ্ৰ যাত্ৰাটোত তেওঁলোকে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতি, খাদ্য,আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰ বিষয়ে অৱগত হোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande