বিশ্বনাথত সাংবাদিকক গ্ৰেপ্তাৰ কৰা কাৰ্যত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া
গুৱাহাটী, ২১ জানুৱাৰী (হি.স.)। বিশ্বনাথৰ এটা নিউজ চেনেলৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰা কাৰ্যত গুৱাহাটী প্ৰেছ ক্লাবে উদ্বেগ প্ৰকাশ কৰে৷ এটা বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এই ঘটনাৰ গৰিহণা দি ক
বিশ্বনাথত সাংবাদিকক গ্ৰেপ্তাৰ কৰা কাৰ্যত গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া


গুৱাহাটী, ২১ জানুৱাৰী (হি.স.)। বিশ্বনাথৰ এটা নিউজ চেনেলৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰা কাৰ্যত গুৱাহাটী প্ৰেছ ক্লাবে উদ্বেগ প্ৰকাশ কৰে৷ এটা বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এই ঘটনাৰ গৰিহণা দি কয় যে আৰক্ষী প্ৰশাসনে কিছু বছৰৰ পৰা বিভিন্ন ক্ষেত্ৰত সাংবাদিকসকলক বিভিন্ন অজুহাত দেখুৱাই শাৰীৰিক- মানসিক নিৰ্যাতন চলাই আহিছে৷

আবুল মাজান নামৰ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰণ জানিবলৈ ঈষান নিউজ কৰ্তৃপক্ষই আৰক্ষীৰ লগত যোগাযোগ কৰিছিল যদিও কোনো উত্তৰ নিদিলে যদিও হিট এণ্ড ৰানৰ এটা বাতৰি পৰিৱেশন কৰা বাবে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উঠিছে৷ আৰক্ষী প্ৰশাসনে সাংবাদিকসকলক সহজলক্ষ্য কৰি লোৱা এই কাৰ্য গ্ৰহণযোগ্য নহয় আৰু শীঘ্ৰে তেওঁক মুকলি কৰি দিবলৈ গুৱাহাটী প্ৰেছ ক্লাবে দাবী জনায়৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande