প্ৰয়াগৰাজ মহা কুম্ভমেলাত গৌতম আদানী, ভক্তক বিতৰণ কৰিলে ভোজন
প্ৰয়াগৰাজ/নতুন দিল্লী, ২১ জানুৱাৰী (হি.স.)। দেশ-বিদেশৰ কোটি কোটি ভক্তই প্ৰয়াগৰাজ মহাকুম্ভত উপস্থিত হৈছে। ইফালে আগশাৰীৰ উদ্যোগপতি তথা আদানী গোটৰ অধ্যক্ষ গৌতম আদানীও উপস্থিত হয়। মঙলবাৰে মহাকুম্ভ মেলাত চলি থকা ভোজণালয় (ভাণ্ডাৰা)ত আদানীয়ে ভক্তসকলক নি
প্ৰয়াগৰাজ মহা কুম্ভমেলাত গৌতম আদানী


প্ৰয়াগৰাজ/নতুন দিল্লী, ২১ জানুৱাৰী (হি.স.)। দেশ-বিদেশৰ কোটি কোটি ভক্তই প্ৰয়াগৰাজ মহাকুম্ভত উপস্থিত হৈছে। ইফালে আগশাৰীৰ উদ্যোগপতি তথা আদানী গোটৰ অধ্যক্ষ গৌতম আদানীও উপস্থিত হয়। মঙলবাৰে মহাকুম্ভ মেলাত চলি থকা ভোজণালয় (ভাণ্ডাৰা)ত আদানীয়ে ভক্তসকলক নিজৰ হাতেৰে ভোজন (প্ৰসাদ) পৰিবেশন কৰে।

ইয়াৰ পূৰ্বে আদানীয়ে পত্নীৰ সৈতে মহাকুম্ভ নগৰৰ ১৮ নং ছেক্টৰত অৱস্থিত ইস্কন ভিআইপি কেম্পত উপস্থিত হয়, য’ত তেওঁক ৰাইজে আদৰণি জনায়। তেওঁ মহা কুম্ভ ২০২৫ মেলা পৰিভ্ৰমণ কৰে। আদানীয়ে ইস্কনৰ ভোজনালয়ত সেৱা আগবঢ়াইছিল।

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত আদানী গ্ৰুপে ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ কন্সিয়াছনেচ (ইছকন)ৰ সৈতে মিলি ভক্তসকলক বিনামূলীয়াকৈ খাদ্য পৰিবেশন কৰিছে। ইয়াৰ অধীনত মহাকুম্ভত দৈনিক এক লাখ লোকক মহাপ্ৰসাদ বিতৰণ কৰা হ’ব। এই সহযোগিতা মহাপ্ৰসাদ সেৱাৰ পদক্ষেপৰ অংশ, যিটো ২৬ ফেব্ৰুৱাৰীলৈকে চলিব।

গৌতম আদানীয়ে তেওঁৰ পোষ্টত লিখিছে যে ই আচৰিত, অনন্য আৰু অলৌকিক! প্ৰয়াগৰাজলৈ অহাৰ পিছত এনে লাগিল যেন সমগ্ৰ বিশ্বৰ আস্থা, সেৱা মনোভাৱ আৰু সংস্কৃতি মাতৃ গংগাৰ কোলাত একত্ৰিত হৈছে। কুম্ভৰ ভৱ্যতা আৰু দিৱ্যত্বক জীয়াই ৰখা সকলো ঋষি, সাধু, কল্পবাসী আৰু ভক্তৰ সেৱা কৰিবলৈ সাজু থকা চৰকাৰ-প্ৰশাসন, অনাময় কৰ্মী আৰু নিৰাপত্তা বাহিনীক মই অন্তৰেৰে ধন্যবাদ জনাইছো। মাতৃ গংগাৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত সদায় থাকক।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande