ছত্তীশগড়ৰ গৰিয়াবন্দৰ এনকাউণ্টাৰত ১৪ জন নক্সালবাদীৰ মৃত্যু
গৰিয়াবন্দ/ৰাইপুৰ ২১ জানুৱাৰী (হি.স.)। ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত জিলা গৰিয়াবন্দৰ মেইনপুৰ থানা এলেকাৰ কুলহাদী ঘাটত অৱস্থিত ভালু ডিগ্গী বনাঞ্চলত দেওবাৰে পুৱাৰে পৰা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত চলি থকা এই এনকাউণ্টাৰত এতিয়ালৈকে ১৪ জন নক্সালবা
नक्सली मुठभेड़ फईल फाेटा


গৰিয়াবন্দ/ৰাইপুৰ ২১ জানুৱাৰী (হি.স.)। ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত জিলা গৰিয়াবন্দৰ মেইনপুৰ থানা এলেকাৰ কুলহাদী ঘাটত অৱস্থিত ভালু ডিগ্গী বনাঞ্চলত দেওবাৰে পুৱাৰে পৰা নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত চলি থকা এই এনকাউণ্টাৰত এতিয়ালৈকে ১৪ জন নক্সালবাদী নিহত হৈছে । তেওঁলোকৰ পৰা এছ এল আৰ আৰু আই ডিৰ সৈতে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৪ জন নক্সালবাদীৰ মৃতদেহ। এক কোটি টকাৰ পুৰস্কাৰ ঘোষিত কৰি থোৱা কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চলপতিকো ধৰাশায়ী কৰা হৈছে। আৰক্ষী অধীক্ষক নিখিল ৰাখেচাই আজি এই কথা নিশ্চিত কৰে।

সোমবাৰে সংঘটিত হোৱা এই এনকাউণ্টাৰত দুগৰাকী মহিলা নক্সালবাদী নিহত হোৱাৰ লগতে চি আৰ পি এফৰ কোব্ৰা বেটেলিয়নৰ এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। এই এনকাউণ্টাৰ চলি আছে ছত্তীশগড়-ওড়িশা সীমান্তত। সোমবাৰে গভীৰ নিশা আৰু মঙলবাৰে পুৱা এই গুলীচালনাত আৰু ১২জন মাওবাদী নিহত হয়।

আৰক্ষীৰ মতে, ১৮ জানুৱাৰীৰ নিশা ওড়িশাৰ নুৱাপাদা জিলাৰ সীমান্তৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ দূৰত্বত থকা ছত্তীশগড়ৰ কুলাৰীঘাট সংৰক্ষিত বনাঞ্চলত ৬০জন মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰা হৈছিল। ইয়াৰ পিছতে গৰিয়াবন্দ আৰক্ষীয়ে বিশেষ তালাচী অভিযান আৰম্ভ কৰে। ইয়াৰ ওপৰত নজৰ ৰাখিছিল জিলাৰ আৰক্ষী অধীক্ষক নিখিল ৰাখেচাই।

ৰাখেজাৰ মতে, গৰিয়াবন্দ কোব্ৰা বেটেলিয়নৰ এজন জোৱান আহত হৈছে। তেওঁক এয়াৰলিফ্ট কৰি ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে। আহত জোৱানজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। এই এনকাউণ্টাৰৰ সময়ত নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে, য’ত এছ এল আৰ ৰাইফলৰ দৰে স্বয়ংক্ৰিয় অস্ত্ৰও আছিল। এই নক্সাল বিৰোধী অনুসন্ধান অভিযানত গৰিয়াবণ্ড অপাৰেচন গ্ৰুপ ই৩০, কোব্ৰা ২০৭, চি আৰ পি এফৰ ৬৫ আৰু ২১১ বেটেলিয়ন, আৰু এছ অ’ জি নুৱাপাডাৰ যৌথ দল আছিল।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande