ৱাশ্বিংটন, ২১ জানুৱাৰী (হি.স.)। আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে শপত গ্ৰহণ কৰি প্ৰথমে তেওঁৰ অভাল অফিচত উপস্থিত হয় । কঠোৰ স্থিতি গ্ৰহণ কৰি তেওঁ পূৰ্বৰ বাইডেন প্ৰশাসনৰ ৭৮টা সিদ্ধান্ত বাতিল কৰে। কেইবাটাও কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে। তেওঁ কয় যে আমেৰিকাই ঐতিহাসিক পেৰিছ জলবায়ু চুক্তিৰ পৰা ওলাই আহিব। এই সময়ছোৱাত ড’নাল্ড ট্ৰাম্পে ৬ জানুৱাৰীৰ কেপিটেল সংঘৰ্ষৰ সৈতে জড়িত সকলোকে ক্ষমা কৰে।
অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনে প্ৰকাশ কৰা অনুসৰি ৬ জানুৱাৰীৰ কেপিটেল সংঘৰ্ষৰ সৈতে জড়িত সকলোকে ক্ষমা কৰিছে ট্ৰাম্পে। তেওঁ জেল কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে সংঘৰ্ষ সম্পৰ্কীয় সকলো কয়দীক তৎকালীনভাৱে মুকলি কৰি দিব লাগে। ৰাষ্ট্ৰপতি হিচাপে অ’ভেল অফিচলৈ উভতি অহাৰ পিছত ট্ৰাম্পৰ প্ৰথম কামবোৰৰ ভিতৰত এটা আছিল বিদ্ৰোহৰ সৈতে জড়িত প্ৰায় ১৫০০ লোকক ক্ষমা কৰাৰ নিৰ্দেশত স্বাক্ষৰ কৰা। লগতে আন ১৪ জনৰ শাস্তি হ্ৰাস কৰে। লগতে এই লোকসকলক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। মুকলি কৰাসকলৰ ভিতৰত আছে উগ্ৰ সোঁপন্থী প্ৰাউড বয়ছ আৰু অথ কিপাৰছ গোটৰ নেতা আৰু সদস্য।
চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পেৰিছ জলবায়ুৰ গুৰুত্বপূৰ্ণ চুক্তিৰ পৰা আমেৰিকা আঁতৰি অহাৰ কথা ঘোষণা কৰে। বাতৰিটোত কোৱা হৈছে যে ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বৰ প্ৰচেষ্টাত আঘাত পোৱাটো নিশ্চিত। দেশৰ বাঘজৰী দখল কৰাৰ পিছত ট্ৰাম্পে ঘোষণা কৰে যে আমেৰিকাই পেৰিছ চুক্তিৰ পৰা ওলাই যাব। পেৰিছ জলবায়ু চুক্তিত আমেৰিকাক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত অন্যায় বুলিও তেওঁ কয়। তেওঁ ৰাষ্ট্ৰসংঘলৈ এখন পত্ৰতো স্বাক্ষৰ কৰি নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ