যোৰহাট, ২১ জানুৱাৰী (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে । এটা বিশেষ আৰক্ষীৰ দলে মৰিয়নিৰ সীমান্তৱৰ্তী নিউ সোণোৱালত সোমবাৰে নিশা চলাইছিল অভিযান ।
বিশেষ আৰক্ষীৰ দলটোৱে এখন ম'বাইল দোকানত অভিযান চলাই জব্দ কৰিছে ৭ গ্ৰাম ড্ৰাগছ। প্ৰায় দুঘণ্টা সময় ধৰি ম'বাইল দোকানখনত এই অভিযান চলে। আৰক্ষীয়ে অভিযান চলোৱা দোকানখন চায়ন দত্ত( ৰিকি) নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে আটক কৰিছে চায়ন দত্ত (ৰিকি) নামৰ যুৱকজনক। অভিযোগ অনুসৰি চায়ন দত্তই দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় । উল্লেখযোগ্য যে সীমান্তৱৰ্তী অঞ্চলসমূহত দ্ৰুতগতিত বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ