অসমক অৰ্ধপৰিবাহী খণ্ডৰ হাব হিচাপে পৰিগণিত কৰাৰ লক্ষ্যৰ কথা ব্যক্ত মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ২১ জানুৱাৰী (হি.স.)। গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তগাথনি সন্মিলনলৈ উদ্যোগপতি, বিনিয়োগকাৰী আৰু উদ্যোগীসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্য্যসূচীৰে সম্প্ৰতি দক্ষিণ কোৰিয়া ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্বপ শৰ্মাই আজি ভ্ৰমণৰ দ্বিতীয় দিনা ছিউলত কোৰিীয়া গণৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, ষ্টাৰ্ট আপ মন্ত্ৰী ইয়ংজুক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰী ড. শৰ্মাই দক্ষিণ কোৰিয়াৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ লগতে জড়িত একাধিক বিষয়ত আলোচনা্ কৰাৰ উপৰি অসম আৰু দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ষ্টাৰ্টআপ ইউনিটৰ মাজত সহযোগিতা সন্দৰ্ভতো আলোচনা কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বপত ভাৰতত সূচনা হোৱা ষ্টাৰ্ট আপ আন্দোলনে অসম আৰু দক্ষিণ কোৰিয়া উভয়কে কিদৰে লাভান্বিত কৰিব সেই বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড. শৰ্মাই দক্ষিণ কোৰিয়াৰ চিলিকন ভেলী হিচাপে খ্যাত পাংগিঅ' টেকনোভেলী ষ্টাৰ্ট আপ কেম্পাছ পৰিদৰ্শন কৰি দক্ষিণ কোৰিয়াৰ ষ্টাৰ্ট আপ ইকোছিষ্টেমৰ সম্পৰ্কেও বিতংভাৱে বুজ লয়। উল্লেখ্য যে টেকনোভেলী হৈছে এক উদ্ভাৱনীমূলক কোৰিয়ান ধাৰণা যত একেটা চৌহতে ষ্টাৰ্ট আপ আৰু বিভিন্ন প্ৰযুক্তিগত পটভূমিৰ পৰা অহা আইটি, বায়োটেক আৰু সাংস্কৃতিক উদ্যোগীসকলৰ সমাৱেশ ঘটে।
মুখ্যমন্ত্ৰী ড. শৰ্মাই এই টেকনোভেলী পৰিদৰ্শনৰ সময়ছোৱাত কেইবাজনো ষ্টাৰ্ট আপ অংশীদাৰৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী ড. শৰ্মাই এছ কে হায়নিক্স প্ৰতিষ্ঠানৰ উপাধ্যক্ষ ড. জুন চয়ৰ সৈতেও এক বৈঠকত মিলিত হৈ অৰ্দ্ধপৰিবাহী খণ্ডৰ বিভিন্ন বিষয় সন্দৰ্ভতো আলোচনা কৰে। ড. শৰ্মাই অসমক বিশ্বব্যাপী অৰ্দ্ধপৰিবপাহী খণ্ডৰ এক কেন্দ্ৰ হৰিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত অৰ্দ্ধপৰিবাহী ইকোছিষ্টেম খণ্ডটোত কাম কৰি অহাৰ কথা উল্লেখ কৰি অসমৰ জাগীৰোডত ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰ স্থাপন হ’বলগীয়া অৰ্দ্ধপৰিবাহী ইউনিটটোৱে ৰাজ্যত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বৃহত নিয়োগ সৃষ্টি কৰিব বুলি ড. চয়ক অৱগত কৰে।
মুখ্যমন্ত্ৰী ড. শৰ্মাই আজি অৰ্দ্ধপৰিবাহী আৰু এল ই ডি প্ৰযুক্তি কামৰ লগত জড়িত প্ৰতিষ্ঠান ছিউল ভিঅছিছৰ মুখ্য কাৰ্য্যবাহী বিষয়া লি ইয়ং জোকা সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এডভান্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলনলৈ বিষয়াগৰগাকীক আমন্ত্ৰণ জনোৱাৰ লগতে অসমত নতুনকৈ গঢ় লৈ উঠা অৰ্দ্ধপৰিবপাহী খণ্ডটোত যোগদানৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী ড. শৰ্মাই অসমলৈ আহি অৰ্দ্ধপৰিবাহী উদ্যোগত কাম কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা সকলো প্ৰতিষ্ঠানকে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি কয়। মুখ্যমন্ত্ৰী ড. শৰ্মাই আজি নৱীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষ গৰাকীকো সাক্ষাৎ কৰি স্বচ্ছ শক্তি আৰু ভৱিষ্যতৰ সেউজ পৃথিৱীখনৰ বাবে দক্ষিণ কোৰিয়াৰ সৈতে অংশীদাৰিত্বৰে কাম কৰি যোৱাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। ২০৩০ চনত অসমে ৩ হাজাৰ মেগাৱাট সেউজ শক্তি উৎপাদনৰ বাবে ৰাজ্য চকৰাৰে লোৱা পৰিকল্পনাৰ কথাও সাক্ষাৎকালত সদৰী কৰে। এই অভিলাষী লক্ষ্য পূৰণত অসমক সহায় তথা সেৱা আগবঢ়োৱাৰ লগতে দক্ষ কৰ্মশক্তি প্ৰশিক্ষম প্ৰদান কৰিবলৈ কোৰিয়াৰ উদ্যোগীসকলৰ সৈতে অংশীদাৰিত্বৰে কাম কৰি যোৱা আগ্ৰহৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
এডভান্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তগাথনি সন্মিলনৰ বাবে বিশ্বব্যাপী উদ্যোগী আৰু ব্যৱসায়ীসকলক আকৰ্ষণৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড. শৰ্মাৰ শেহতীয়া দক্ষিণ কোৰিয়া ভ্ৰমণ যথেষ্ট সফল হোৱাৰ লগতে এই সন্মিলনলৈ কোৰিয়াৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ অংশগ্ৰহণৰ বাবে প্ৰকাশ কৰা আগ্ৰহ আৰু উৎসাহক মুখ্যমন্ত্ৰীয়ে উষ্ম আদৰণি জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী