দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ঘনকুঁৱলীৰ মাজত নাওঁ দুৰ্ঘটনা
মানকাচৰ, ২১ জানুৱাৰী (হি.স.)। দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ঘনকুঁৱলীৰ মাজত নাওঁ দুৰ্ঘটনা।দক্ষিণ শালমাৰাৰ পৰা ধুবুৰী মুখী হওঁতে যাত্ৰীবাহী লঞ্চে এখন যন্ত্ৰ চালিত নাওঁক‌ খুন্দিয়াই । ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত আৰিমাৰী ঘাটৰ পৰা দেনাৰ কুটি ল
দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ঘনকুঁৱলীৰ মাজত নাওঁ দুৰ্ঘটনা


মানকাচৰ, ২১ জানুৱাৰী (হি.স.)। দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ঘনকুঁৱলীৰ মাজত নাওঁ দুৰ্ঘটনা।দক্ষিণ শালমাৰাৰ পৰা ধুবুৰী মুখী হওঁতে যাত্ৰীবাহী লঞ্চে এখন যন্ত্ৰ চালিত নাওঁক‌ খুন্দিয়াই ।

ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত আৰিমাৰী ঘাটৰ পৰা দেনাৰ কুটি লৈ‌ পাৰাপাৰ কৰা যাত্ৰীবাহী নাওঁ খনক খুন্দিয়াই লঞ্চটোৱে , যাৰ ফলত নাওঁ খনৰ লগতে কেবাখনো দুচকীয়া বাহনৰো ক্ষতি সাধন হয় আৰু লগতে কেইবাগৰাকী যাত্ৰীও আহত হয়।জানিব পৰা মতে আৰিমাৰী পাৰঘাটৰ নাই কোনো চৰকাৰী অনুমতি । খণ্ড উন্নয়ন বিষয়াক মেনেজ কৰি, অনুমতি অবিহনে কেইবাজন লেছিয়ে নিজ ইচ্ছাৰে এই নাওঁ সমূহ চলাই আছে বুলি অভিযোগ উত্থাপিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande