আমিৰ খানৰ পৰৱৰ্তী ছবি ‘সীতাৰ জমীন পাৰ’ক লৈ উৎসুকতা তুংগত উঠিছে। দৰ্শনীয় অভিনয় আৰু আকৰ্ষণীয় কাহিনীৰ বাবে পৰিচিত এইগৰাকী ছুপাৰষ্টাৰৰ পৰা আন এক মাষ্টাৰপিছ আশা কৰিছে দৰ্শকে।
উত্তেজনা বৃদ্ধি কৰি এটা আমোদজনক আপডেট আহিছে— আমিৰ খানে বৰ্তমান গুজৰাটৰ বদোদৰাত ছবিখনৰ শ্বুটিং কৰি আছে। ২১ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ চলিব এই শ্বুটিং। এই আপডেটটোৱে অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে কাৰণ তেওঁলোকে আমিৰ খানক পুনৰ ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহী।
বৰ্তমান আমিৰ খানে ২৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাবলগীয়া তেওঁৰ আগন্তুক ছবি সীতাৰে জামিন পাৰৰ বাবে প্ৰস্তুতি চলাই আছে। এই ছবিখনত আমিৰ খানৰ সৈতে মুখ্য চৰিত্ৰত জেনেলিয়া দেশমুখকো দেখা যাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া