শ্বিলং, ২১ জানুৱাৰী (হি.স.)। মঙলবাৰে বিয়লি মেঘালয়ৰ দক্ষিণ পশ্চিম খাছি পাহাৰ অঞ্চলত এক মধ্যম প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গল। এই ভূমিকম্পৰ তীব্ৰতা আছিল ৪.১। মেঘালয়ৰ বাহিৰেও অসম আৰু পশ্চিমবংগৰ কিছু অংশতো অনুভৱ কৰা হৈছিল। ইয়াৰ ফলত কোনো ধৰণৰ লোকচানৰ খবৰ বৰ্তমান সময়ত পোৱা নাই।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মেঘালয়ৰ দক্ষিণ-পশ্চিম খাছি পাহাৰ অঞ্চলত নিশা ১২:৩৪:০২ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু মাটিৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত অৱস্থিত। ভাৰতীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মেঘালয়ৰ দক্ষিণ-পশ্চিম খাছি পাহাৰ জিলাত ২৫.৩৪ উত্তৰ অক্ষাংশ আৰু ৯১.১৭ পূব দ্ৰাঘিমাংশত ভূমিকম্পৰ কেন্দ্ৰবিন্দু অৱস্থিত।
মেঘালয়ৰ বাহিৰেও অসম আৰু পশ্চিমবংগৰ কিছু অংশতো অনুভৱ কৰা হৈছিল। যাৰ বাবে জনসাধাৰণৰ মাজত ক্ষণিকৰ বাবে ভয়ৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু তেওঁলোক ঘৰৰ পৰা ওলাই আহিছিল। ভূমিকম্পৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই। অৱশ্যে সম্ভাৱ্য আফটাৰশ্বকৰ প্ৰতি লক্ষ্য ৰাখি সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে কৰ্তৃপক্ষই।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী