জম্মু, ১৪ জানুৱাৰী (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে ১০৮ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে জম্মুৰ আখনূৰ সীমান্ত অঞ্চলত এটা ঐতিহ্য সংগ্ৰহালয় উদ্বোধন কৰে। এই তথ্য সেনা প্ৰতিৰক্ষাৰ এগৰাকী মুখপাত্ৰই দিছে।
কটকটীয়া নিৰাপত্তাৰ মাজতে ৰাজনাথ সিঙক মুখ্য প্ৰতিৰক্ষা কৰ্মচাৰীৰ সৈতে আদৰণি জনায় উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু জ্যেষ্ঠ বিষয়াসকলে। টাণ্ডা আৰ্টিলাৰী ব্ৰিগেডত উদযাপন কৰা নৱম সশস্ত্ৰ বাহিনীৰ প্ৰবীণ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
সংগ্ৰহালয়টোত জম্মু-কাশ্মীৰৰ বিভিন্ন যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ আৰু যুদ্ধবীৰৰ প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰা হৈছে।
প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে, জম্মু, আখনূৰ, পল্লনৱালা, ৰাখমুঠি, নৌশ্বেৰা আৰু সুন্দৰবাণীৰ পৰা ১০০০ৰো অধিক প্ৰবীণ সৈনিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া