গোলাঘাট, ০৫ ছেপ্টেম্বৰ (হি.স.): গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ টেংকাৰ পাৰ্কিঙৰ সমীপৰ মৰঙিৰ বিষ্ণুপুৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি বুধবাৰেসন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে তীব্ৰ গতিত অহা এছ ০৫ এল ৮৫৭৫ নম্বৰৰ আই টেন বাহন আৰু নম্বৰ প্লেট বিহীন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহীজন বাইক সহ কাষতে ৰখাই থোৱা এখন টেংকাৰৰ তলত সোমাই গুৰুতৰ ভাবে জখম হয় ৷
অচিনাক্ত বাইক আৰোহী জনক মুমূৰ্ষুু অৱস্থাত উদ্ধাৰ কৰি বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহন কেইখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ