গোলাঘাট, ০৫ ছেপ্টেম্বৰ (হি.স.): জৰাজীৰ্ণ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথে দুৰ্ভোগ ভোগাইছে সাধাৰণ ৰাইজক। ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত পুখুৰী সদৃশ গাত।হয় ৰাজপথ নে কোনো ভিতৰুৱা অঞ্চললৈ যাতায়ত কৰা জৰাজীৰ্ণ গ্ৰাম্য পথ ধৰিবই নোৱাৰি। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ পোৰাবঙলাৰ পৰা তেলগৰম পৰ্যন্ত সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বৃহৎ বৃহৎ পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে।
আনফালে ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ দৈগ্ৰোং আৰু কানাইঘাটত থকা দুয়োখন পকী দলঙত সৃষ্টি হৈছে গাঁত। পিছে সততে হাজাৰ হাজাৰ কিলোমটাৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন কৰা বুলি কৈ থকা চৰকাৰখনৰ দৃষ্টিত পৰা নাই এই জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথছোৱা। সেয়েহে অতি শীঘ্ৰে উক্ত পথ ছোৱা মেৰামতি কৰিবলৈ চৰকাৰলৈ ৰাইজে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ