গোলোকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ এখন ব্ৰইলাৰ মূৰ্গী ভৰ্তি বাহন
গোলোকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰিলে এখন ব্ৰইলাৰ মূৰ্গী ভৰ্তি বাহন।
গোলোকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ এখন ব্ৰইলাৰ মূৰ্গী ভৰ্তি বাহন


ধুবুৰী, ০৫ ছেপ্টেম্বৰ (হি.স.): নিষেধাজ্ঞা সত্ত্বেও নিতৌ অসমত প্ৰৱেশ কৰি আছে পশ্চিমবঙ্গৰ নিষিদ্ধ ব্ৰয়লাৰ। অতিৰিক্ত ব্ৰইলাৰ মূৰ্গী কঢ়িয়াই নিয়া বাহনৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীয়ে অভিযান চলায়। অভিযানত জব্দ কৰিলে এখন ব্ৰইলাৰ মূৰ্গী ভৰ্তি বাহন।

উল্লেখ্য যে যোৱাকালি বুধবাৰে নিশা গোলকগঞ্জ আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এএছ ১৭ চি ৭৯৫০ নম্বৰৰ ব্ৰইলাৰ মূৰ্গী ভৰ্তি বাহন এখন জব্দ কৰি থানালৈ নিয়ে। পিছত পৰিবহন বিভাগৰ হাতত গতাই দিয়ে। পৰিবহন বিভাগে ৩৫ হাজাৰ টকা জড়িমনা বিহি এৰি দিয়ে অতিৰিক্ত ব্ৰইলাৰ মূৰ্গী কঢ়িয়াই নিয়া বাহন খন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande