শোণিতপুৰত গৰু চোৰৰ সন্ত্ৰাসঃ গোহালিৰ পৰা চোৰে নিলে সাতটাকৈ গৰু
শোণিতপুৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। তেজপুৰৰ একাধিক স্থানৰ লগতে শোণিতপুৰৰ বিভিন্ন অঞ্চলত সঘনাই গৰু চুৰিৰ ঘটনা সংঘটিত হৈ থকাত পশুপালক তথা কৃষক ৰাইজ চিন্তিত হৈ পৰাৰ উপৰি নিশা উজাগৰে থাকিব লগীয়া হৈছে ৷ শোণিতপুৰৰ জামুগুৰিহাটৰ বিভিন্ন গ্ৰামাঞ্চলৰ লগতে তেজপু
শোণিতপুৰত গৰু চোৰৰ সন্ত্ৰাসঃ গোহালিৰ পৰা চোৰে নিলে সাতটাকৈ গৰু


শোণিতপুৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। তেজপুৰৰ একাধিক স্থানৰ লগতে শোণিতপুৰৰ বিভিন্ন অঞ্চলত সঘনাই গৰু চুৰিৰ ঘটনা সংঘটিত হৈ থকাত পশুপালক তথা কৃষক ৰাইজ চিন্তিত হৈ পৰাৰ উপৰি নিশা উজাগৰে থাকিব লগীয়া হৈছে ৷ শোণিতপুৰৰ জামুগুৰিহাটৰ বিভিন্ন গ্ৰামাঞ্চলৰ লগতে তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী, বিহগুৰি আদিত গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে ৷ একোজন কৃষকৰ গোহালি খালী কৰি গৰু চুৰি কৰি নিয়াৰ পাছত তেনে পৰিয়ালৰ অৱস্থা শোচনীয় হৈ পৰাৰ বিপৰীতে এনে গৰুচোৰৰ দল কৰায়ত্ত কৰাত ব্যৰ্থ হৈছে আৰক্ষী৷

উল্লেখ্য যে বিভিন্ন গাড়ীৰে গৰু চুৰিকৰিবলৈ অহা চোৰে অধিকাংশ সময়তে গোহালিৰ গৰু লৈ উধাও হোৱাৰ পাছত নিশা আনকি তেনে বাহন সচৰাচৰ পথটো আৰক্ষীৰ দৃষ্টিগোচৰ নোহোৱাকলৈ ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে। এনে সময়তে যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ ছাগলী আঁহতৰ তলৰ এটা কৃষক পৰিয়ালৰ গোহালিৰ পৰাই গাই গৰু আৰু পোৱালি সহ মুঠ সাতটা গৰু চোৰে লৈ যোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে৷

উল্লেখযোগ্য যে,ছাগলী আঁহতৰ তলৰ জাতীয় বিদ্যালয়ৰ সমীপৰে নিতুল হাজৰিকাৰ ঘৰৰ গোহালিৰ পৰাই এই সাতটাকৈ গৰু নিশা লৈ যায় গৰু চোৰে ৷ কৃষক পৰিয়ালটোৱে বান্ধি থোৱা পঘা কাটি স্থানীয় ৰাজহুৱা শ্মশানৰ কাষৰে চোৰে গৰুকেইটাক লৈ যোৱাৰ চিনো স্পষ্ট হৈ আছে ৷ ৰাষ্ট্ৰীয় পথৰ কাষৰে অঞ্চলটোৰ পৰা পাছত চুৰি গৰু কেইটাক কোনো বাহনত উঠাই লৈ যোৱাৰো আশংকা কৰা হৈছে ৷ এইদৰে নিশাটোৰ ভিতৰতে একোটা পৰিয়ালক জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন কৰা গৰুচোৰৰ বিৰুদ্ধে এক পৰিকল্পিত আৰু নিশ্চিদ্ৰ অভিযান চলোৱাৰ বাবেও ভুক্তভোগী ৰাইজে আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande