গোলাঘাট, ০৪ ছেপ্টেম্বৰ (হি.স.): এইবাৰ ড্ৰাগছৰ বিৰূদ্ধে মাৰবান্ধি ঠিয় দিছে মেৰাপানীৰ নেঘেৰিবিল মুছলিম গাঁৱৰ ৰাইজে। শেহতীয়াকৈ স্থানীয় অঞ্চলটোত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰ ফলত ড্ৰাগছ নিৰ্মুলৰ বাবে ওলাই আহিছে নেঘেৰিবিলৰ পুৰুষ মহিলা। যোৱা নিশা নেঘেৰিবিল গাঁৱৰ গাঁওৰক্ষী বাহিনী আৰু ৰাইজে ড্ৰাগছ সহ হাতেলোটে কৰায়ত্ত কৰে দুটা দুধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীক।
ধনশিৰি মহকুমাৰ নাওজানৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি ৰাইজৰ হাতত কৰায়ত্ত হোৱা সৰবৰাহকাৰী দুটা ক্ৰমে মেৰাপানীৰ আলিফত আলি আৰু নাওজানৰ চিৰাজুল আলি। সৰবৰাহকাৰী দুটাৰ পৰা গাঁওৰক্ষী বাহনীয়ে এটা কন্টেইনাৰত ভৰাই অনা অৱস্থাত ব্ৰাউন চুগাৰো জব্দ কৰে। গাঁওৰক্ষী বাহিনীয়ে জানিবলৈ দিয়া মতে, দুখন বাইকত চাৰিটা সৰবৰাহকাৰীয়ে বহুকেইটা ড্ৰাগছভৰ্ত্তি কন্টেইনাৰ আনিছিল যদিও ইয়াৰে দুটা সৰবৰাহকাৰী আন্ধাৰৰ সুযোগ লৈ ড্ৰাগছ সহ পলায়ন কৰিবলৈ সক্ষম হয়। কৰায়ত্ত কৰা সৰবৰাহকাৰী দুটাক পঘাৰে বান্ধি পাছত মেৰাপানী আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে, ড্ৰাগছৰ প্ৰচলন ৰোধৰ বাবে শেহতীয়াকৈ মেৰাপানীৰ ৰাইজে আৰক্ষীৰ সৈতে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ