ডাৱৰ বিস্ফোৰণৰ ফলত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনত ৬ জন লোকৰ মৃত্যু
-মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই এই কাণ্ডক লৈ দুঃখপ্ৰকাশ কোহিমা, ০৪ ছেপ্টেম্বৰ (হি.স.)। নাগালেণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৯ত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত ৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। আজি সংঘটিত হোৱা এই ঘটনাই ডিমাপুৰ-কোহিমা ৰাষ্ট্ৰীয় ঘাইপথ
ভূমিস্খলন


ভূমিস্খলন


-মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই এই কাণ্ডক লৈ দুঃখপ্ৰকাশ

কোহিমা, ০৪ ছেপ্টেম্বৰ (হি.স.)। নাগালেণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৯ত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত ৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। আজি সংঘটিত হোৱা এই ঘটনাই ডিমাপুৰ-কোহিমা ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে অৱৰোধ কৰি পেলায়।

তথ্য অনুসৰি এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্যোগৰ পৰিস্থিতিৰ বুজ লয়। ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্ট শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কয় যে মই নাগৰিকসকলক চৰকাৰী পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাইছো। চৰকাৰে জৰুৰীকালীন সেৱা আৰু সাহাৰ্য ধনৰাশি প্ৰদান কৰিছে। মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । এই ঘটনাত নিহত সকল হৈছে খৃষংগুলি (৪৬), সমীৰ দত্ত (৪৩), আনহিউ (৫৭, মহিলা), দাজু (৬০), সোপন বিশ্বাস (৩২) আৰু বিজয় ( ২৮) ।বাতৰি লিখাৰ সময়লৈকে আহতসকলৰ ভিতৰত আছিল ৰুজুওজী (৩৬ মহিলা), সুহাইল আক্ৰাম (৩৮) আৰু অনিল চৌধুৰী (২৭)।

এই ভূমিস্খলনৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ সম্ভাৱ্য নাটনিৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা উদ্বেগক মোকাবিলা কৰিবলৈ জৰুৰী জাননী জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ মতে, ৰাষ্ট্ৰীয় ঘাইপথ-২৯ৰ এটা অংশ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰী বা ইন্ধনৰ অভাৱ হোৱা নাই। প্ৰশাসনে এই গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহৰ যোগান বিকল্প পথৰ জৰিয়তে অটুট ৰখাৰ আশ্বাস প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande