যোৰহাটত নৱজাতক চুৰিৰ ঘটনা
যোৰহাট, ০৪ ছেপ্টেম্বৰ (হি.স.)। যোৰহাটত নৱজাতক চুৰিৰ ঘটনা সংঘটিত হৈছে। প্ৰসূতি মাতৃয়ে সন্তান প্ৰসৱ কৰিও লাভ নকৰিলে নৱজাতক। যোৰহাটৰ এখন ব্যক্তিগত নাৰ্চিংহোমত সংঘটিত হৈছে এই ঘটনা। শিৱসাগৰৰ হালোৱাটিঙৰ ভুক্তভোগী পৰিয়ালে দাখিল কৰিছে এজাহাৰ। যোৰহাটৰ অৰুণ
যোৰহাটত নৱজাতক চুৰিৰ ঘটনা


যোৰহাট, ০৪ ছেপ্টেম্বৰ (হি.স.)। যোৰহাটত নৱজাতক চুৰিৰ ঘটনা সংঘটিত হৈছে। প্ৰসূতি মাতৃয়ে সন্তান প্ৰসৱ কৰিও লাভ নকৰিলে নৱজাতক। যোৰহাটৰ এখন ব্যক্তিগত নাৰ্চিংহোমত সংঘটিত হৈছে এই ঘটনা। শিৱসাগৰৰ হালোৱাটিঙৰ ভুক্তভোগী পৰিয়ালে দাখিল কৰিছে এজাহাৰ।

যোৰহাটৰ অৰুণ উদয় নামৰ এখন নাৰ্চিংহোমত যোৱা ২৮ আগষ্টত ভৰ্ত্তী হৈছিল হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত দোপদৰ অভয়পুৰীয়াৰ দীপা গগৈ নামৰ প্ৰসূতিগৰাকী। প্ৰসূতিগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে যদিও যোৱা শণিবাৰে নাৰ্চিংহোমখনে প্ৰসূতিগৰাকীক ৰিলিজ দিয়ে। ৰিলিজৰ সময়ত পৰিয়ালটোৱে লাভ নকৰিলে নৱজাতক

সমগ্ৰ ঘটনাটোৱে হালোৱাটিঙত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালটোৱে চৰকাৰী চিকিৎসালয়ত সন্তান প্ৰসৱ কৰিব লাগিছিল যদিও কাৰ প্ৰৰোচনাত ব্যক্তিগত নাৰ্চিংহোমত ভৰ্ত্তী কৰাবলৈ বাধ্য হ'ল সেইয়া ৰহস্যৰ বিষয়।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে হালোৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে শিশু সুৰক্ষা সমিতিয়েও যোৰহাটত অনুসন্ধান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande