পিতৃ হোৱাৰ প্ৰায় ২০ দিন পিছত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ ৰণবীৰ সিং
পিতৃ হোৱাৰ পিছত দেওবাৰে নিশা প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত দেখা গ’ল চলচ্চিত্ৰ অভিনেতা ৰণবীৰ সিঙক। গণেশোৎসৱৰ সময়ত দীপিকা আৰু ৰণবীৰ সিঙে কন্যা সন্তানৰ জন্ম উদযাপন কৰে। ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত দীপিকাই কন্যা সন্তান জন্ম দিয়ে। প্ৰায় ২০ দিনৰ পিছত প্ৰথমবা
ৰণবীৰ সিঙ


পিতৃ হোৱাৰ পিছত দেওবাৰে নিশা প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত দেখা গ’ল চলচ্চিত্ৰ অভিনেতা ৰণবীৰ সিঙক। গণেশোৎসৱৰ সময়ত দীপিকা আৰু ৰণবীৰ সিঙে কন্যা সন্তানৰ জন্ম উদযাপন কৰে। ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত দীপিকাই কন্যা সন্তান জন্ম দিয়ে। প্ৰায় ২০ দিনৰ পিছত প্ৰথমবাৰৰ বাবে এটা অনুষ্ঠানত দেখা গ’ল ৰণবীৰক। ৰণবীৰ সিঙৰ এটা ভিডিঅ’ যেন ভাইৰেল হৈ পৰিছে।

যোৱা ২৯ ছেপ্টেম্বৰত মুম্বাইৰ ঘৰ এন্টিলিয়াত ‘ইউনাইটেড ইন ট্ৰাইমফ’ শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰিছিল আম্বানী পৰিয়ালে। য’ত ৰণবীৰ সিঙেও অংশ লৈছিল। এই উপলক্ষে ৰণবীৰে পাপাৰাজীৰ সৈতে পিতৃ হোৱাৰ আনন্দৰ ভাগ লয়। আম্বানী পৰিয়ালে প্ৰথমবাৰৰ বাবে প্ৰায় ১৪০ জন অলিম্পিয়ান আৰু পেৰালিম্পিয়ানক একত্ৰিত কৰিছিল। এই উপলক্ষে তেওঁৰ সফলতাক উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে ক্ৰীড়া আৰু খেলুৱৈসকলক প্ৰচাৰ কৰা। এই অনুষ্ঠানত বলীউডৰ বহু অভিনেতা উপস্থিত আছিল।

সম্প্ৰতি প্ৰসূতি ছুটী উপভোগ কৰি আছে অভিনেত্ৰী দীপিকাই। এটা প্ৰতিবেদনত কোৱা হৈছে যে ২০২৫ বৰ্ষলৈকে প্ৰসূতিকালীন ছুটীত থাকিব দীপিকা। প্ৰায় ৬-৭ মাহৰ পিছত তাই কামলৈ ঘূৰি আহিব। দীপিকাৰ কামৰ কথা কওঁতে প্ৰভাস, কমল হাছান, অমিতাভ বচ্চনৰ সৈতে ‘২৮৯৮ খ্ৰীষ্টাব্দ’ ছবিখনত দেখা গৈছিল। এতিয়া তেওঁক দেখা যাব ৰোহিত শ্বেট্টীৰ ‘ছিংহাম এগেইন’ত। ৰণবীৰো তাত আছে। দীপাৱলী উপলক্ষে মুক্তি পাব এই ছবিখন।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande