নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। আজি একেৰাহে ৫ম দিনৰ বাবে ঘৰুৱা বুলিয়নৰ বজাৰখন যেন হ্ৰাসৰ ধাৰাত দেখা গৈছে। আজিৰ পতনৰ বাবে ২৪ কেৰেটৰ সোণ ৭৩ হাজাৰ টকাৰ তললৈ আৰু ২২ কেৰেটৰ সোণ ৬৭ হাজাৰ টকাৰ স্তৰৰ তললৈ আহিছে। আজি দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৯১০ টকাৰ পৰা ৭২,৭৬০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজিও ২২ কেৰেট সোণৰ মূল্য হ্ৰাস পাইছে আৰু প্ৰতি ১০ গ্ৰামত ৬৬,৮৪০ টকাৰ পৰা ৬৬,৬৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। আজি ৰূপৰ মূল্যও ১০০০ টকাকৈ দুৰ্বল হৈ পৰিছে। মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ বুলিয়ন বজাৰত প্ৰতি কেজিত ৮৫,৯০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭২,৯১০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ৬৬,৮৪০ টকা প্ৰতি ১০ গ্ৰামত। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৬৯০ টকাত বিক্ৰী হৈছে।
একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৮১০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,৭৪০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৬৯০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৭৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৬৯০ টকাৰ স্তৰলৈ আহিছে।
আজি লক্ষ্ণৌৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭২,৯১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৮৪০ টকাৰ স্তৰত বিক্ৰী হৈছে। একে সময়তে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭২,৮১০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৬,৭৪০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭২,৯১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৬৬,৮৪০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৭২,৭৬০ টকা। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৬৬,৬৯০ টকাৰ মাত্ৰাত বিক্ৰী হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ