ধুবুৰী, ১০ ছেপ্টেম্বৰ (হি.স.): বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিনত অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সোমাই পৰিছে একাংশ লোক । তামাৰহাটৰ অক্সিগুৰি গাঁৱত দুদিন ধৰি চলিছে নৃত্য গীত আৰু অস্বাভাৱিক ভঙ্গীমাৰে চিকিৎসা । এগৰাকী অসুস্থ ৰোগীক চিকিৎসাৰ নামত চলিছে নৃত্য গীত, বিভিন্ন ভঙ্গীমা ।
জানিব পৰা মতে ধুবুৰী জিলাৰ বালাজানত ঘৰ আশ্ৰাফুল হক নামৰ বেজটোৰ । বৃহৎ ধনৰ বিনিময়ত বেজটোৰ নেতৃত্বত ১০/১২ জনীয়া দল এটাই বিভিন্ন ৰোগীৰ ঘৰত গৈ নৃত্য গীত আৰু অস্বাভাৱিক ভঙ্গীমাৰে চলায় চিকিৎসা । ৰোগীৰ আত্মীয়ক বিভিন্ন প্ৰলোভন দেখুৱাই দলটো চিকিৎসা চলাবলৈ উপস্থিত হয় তামাৰহাটৰ অক্সিগুৰি গাঁওৰ এজনৰ ঘৰত । এনে অন্ধবিশ্বাসৰ খবৰ পাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তামাৰহাট প্ৰাথমিক চিকৎসালয়ৰ পৰিচালনাৰ দায়িত্বত থকা চিকিৎসক ড° ধ্ৰুৱ ৰায়ে ।
চৰকাৰে জিলাই জিলাই চিকিৎসা মহবিদ্যালয় স্থাপন কৰি ৰাইজক সু-চিকিৎসা দিয়াত ব্যস্ত তেনে সময়তে দেখা গৈছে এনে অন্ধবিশ্বাসৰ দৃশ্য । এফালে অন্ধবিশ্বাস কু-সংস্কাৰ দুৰ কৰাৰ বাবে চৰাকক প্ৰশাসনৰ পদক্ষেপ গ্ৰহণ আনফালে আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই অৰ্থাৎ কোনো অনুমতি অবিহনে লাউড স্পিকাৰৰ যোগেদি বেজৰ চিকিৎসা । ইপিনে এনে ৰোগীৰ চিকিৎসা প্ৰদানৰ সকলো দায়িত্ব গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে চিকিৎসক গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ