হিন্দুস্থান সমাচাৰৰ ভাষিক কলা সংগম ২০২৪ত অংশগ্ৰহণ কৰিব বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় সিনহা
- ভাষিক কলাৰ লোকশিল্প, ধ্ৰুপদী আৰু জনজাতীয় ক্ষেত্ৰৰ ২১ জন বিশিষ্ট ব্যক্তিক জনাব সম্বৰ্ধনা বাৰাণসী, ১০ ছেপ্টেম্বৰ (হি.স.)। প্ৰতিবছৰৰ দৰেই দেশৰ সাংস্কৃতিক ৰাজধানী বাৰাণসীত বহুভাষিক সংবাদ সংস্থা হিন্দুস্থান সমাচাৰৰ তত্বাৱধানত শ্ৰী কাশী বিশ্বনাথ ধামৰ
হিন্দুস্থান সমাচাৰৰ ভাষিক কলা সংগম ২০২৪


- ভাষিক কলাৰ লোকশিল্প, ধ্ৰুপদী আৰু জনজাতীয় ক্ষেত্ৰৰ ২১ জন বিশিষ্ট ব্যক্তিক জনাব সম্বৰ্ধনা

বাৰাণসী, ১০ ছেপ্টেম্বৰ (হি.স.)। প্ৰতিবছৰৰ দৰেই দেশৰ সাংস্কৃতিক ৰাজধানী বাৰাণসীত বহুভাষিক সংবাদ সংস্থা হিন্দুস্থান সমাচাৰৰ তত্বাৱধানত শ্ৰী কাশী বিশ্বনাথ ধামৰ ত্ৰিম্বকেশ্বৰ প্ৰেক্ষাগৃহত ১৪ ছেপ্টেম্বৰত মাতৃভাষাৰ ‘হিন্দী দিৱস’ত ‘ভাষাই কলা সংগম’ৰ আয়োজন কৰা হৈছে। বিহাৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই কলা সংগমত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

দুপৰীয়া ২.৩০ বজাৰ পৰা আৰম্ভ হ’বলগা এই কাৰ্যসূচীত শ্ৰী আনন্দম ধাম ট্ৰাষ্ট বৃন্দাবন মথুৰাৰ সন্ত সাধগুৰু ৰিতেশ্বৰ জী মহাৰাজৰ বিশেষ উপস্থিতি থাকিব। আন আন বিশিষ্ট বক্তাসকলৰ ভিতৰত আৰ এছ এছৰ পূব উত্তৰ প্ৰদেশ অঞ্চলৰ ধৰ্ম জাগৰণৰ মুৰব্বী অভয় কুমাৰ, বাৰাণসীৰ সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিহাৰী লাল শৰ্মা, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা বাৰাণসী চহৰৰ দক্ষিণৰ বিধায়ক ডাঃ নীলকান্ত তিৱাৰী, ৰাজ্যিক তথ্য আয়ুক্ত পদুম নাৰায়ণ দ্বিবেদী অন্যতম। প্ৰখ্যাত সাংবাদিক তথা সাহিত্যিক ভাৰতেন্দু হৰিশচন্দ্ৰৰ মূলমন্ত্ৰ ‘আমাৰ ভাষা প্ৰগতি, সকলো প্ৰগতিৰ মূল’ৰ প্ৰতি উৎসৰ্গিত এই কাৰ্যসূচীত ‘পঞ্চ প্ৰাণ: ভাৰতীয় ভাষা, সংস্কৃতি আৰু সমৃদ্ধিশালী ভাৰত’ বিষয়ক আলোচনা চক্ৰও অনুষ্ঠিত হ’ব। এই উপলক্ষে বিভিন্ন ভাৰতীয় ভাষিক অঞ্চলৰ লোকশিল্প, ধ্ৰুপদী আৰু জনজাতীয় অঞ্চলৰ ২১ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। এই সময়ছোৱাত ‘ভাৰতীয় কলা এলেকা’ক কেন্দ্ৰ কৰি হিন্দুস্থান সমাচাৰ গোটৰ দুখন আলোচনী যুগবাৰ্তা (পষেকীয়া) আৰু নৱোত্তন (মাহেকীয়া)ৰ বিশেষ সংখ্যাও উন্মোচন কৰা হ’ব।

এই বিশেষ লোকসকলক জনোৱা হ’ব সন্মান -

ৰাজা মানসিং, তোমৰ আৰু কলা বিশ্ববিদ্যালয় গোৱালিয়ৰৰ উপাচাৰ্য অধ্যাপক পণ্ডিত সাহিত্য কুমাৰ নাহৰ, ৰাজস্থানৰ পৰম্পৰাগত লোকশিল্পী দয়াৰাম ভাণ্ড, লোকশিল্পী গুজৰাট নীতিন বাবুভাই দাৱে, ভায়লিনবাদক মহাৰাষ্ট্ৰ পণ্ডিত অতুল কুমাৰ উপাধ্যায়, কথক শিল্পী পঞ্জাৱ বিদুষী শোভা কোছাৰ, ওডিছি নৃত্যশিল্পী দিল্লী বিদুষী কবিতা দ্বিবেদী, কথক নৃত্যশিল্পী হাৰিয়ানা নয়নীকা ঘোষ, চিত্ৰশিল্পী ছত্তিশগড় গৌৰণ পাটিল, শাস্ত্ৰীয় গায়ক থুমৰি আৰু ভজন বেংগালুৰু কৰ্ণাটক ইমানদাস, শাস্ত্ৰীয় গায়ক অন্ধ্ৰপ্ৰদেশ মল্লাদী শ্ৰীৰাম প্ৰসাদ আৰু মল্লদী ৰবি কুমাৰ, ভাৰতীয় শাস্ত্ৰীয় স্লাইড গীতাৰবাদক তামিলনাডু ড° কমলাশংকৰ, বাঁহীবাদক কেৰালা চিত্তুৰৰ পতঞ্জলি, তবলাবাদক পশ্চিম বংগৰ পণ্ডিত সমৰ শ্বাহা, শাস্ত্ৰীয় নৃত্য (সত্ৰীয়া ) শিল্পী অসমৰ ৰঞ্জুমনি শইকীয়া, লোকনৃত্য মণিপুৰ ৰাজকুমাৰী সনাহনবী দেৱী, তবলাবাদক ত্ৰিপুৰা জাহৰ বেনাৰ্জী, ওদিছি নৃত্য ওড়িশা প্ৰভুতোষ পাণ্ডা, শাস্ত্ৰীয় গায়ক, বিহাৰ পণ্ডিত উদয় কুমাৰ মালিক, লোকগায়ক মধুবনী বিহাৰ শ্ৰীমতী মৈথিলী ঠাকুৰ, ভগত সিন্ধী কণ্ঠশিল্পী জ্যোতি খত্ৰী, শাস্ত্ৰীয় ঘ্ৰূপদ সংগীত কানপুৰ পণ্ডিত আয়ুষ দ্বিবেদী, জ্যেষ্ঠ চিত্ৰশিল্পী উত্তৰ প্ৰদেশ ড° দেৱেন্দ্ৰ কুমাৰ ত্ৰিপাঠী, জ্যেষ্ঠ চিত্ৰকৰ উত্তৰ প্ৰদেশ ড° সুনীল বিশ্বকৰ্মা, সহকাৰী সম্পাদক যুগবাৰ্তা দিল্লী বদ্ৰিনাথ বৰ্মা, প্ৰাক্তন বাতৰি সমন্বয়ক হিন্দুস্থান সমাচাৰ উত্তৰ প্ৰদেশ পদুম নাৰায়ণ দ্বিবেদীক ভাষিক কলা সন্মান বঁটা প্ৰদান কৰা হ'ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande