7 Jan 2025, 11:02 HRS IST

একাংশ দল-সংগঠনক অনিদিষ্টকাললৈ বৰ্জনৰ সিদ্ধান্ত মাৰ্ঘেৰিটা -জাগুনৰ সাংবাদিকৰ
একাংশ দল-সংগঠনক অনিদিষ্টকাললৈ বৰ্জনৰ সিদ্ধান্ত মাৰ্ঘেৰিটা -জাগুনৰ সাংবাদিকৰ ।
একাংশ দল-সংগঠনক অনিদিষ্টকাললৈ বৰ্জনৰ সিদ্ধান্ত মাৰ্ঘেৰিটা -জাগুনৰ সাংবাদিকৰ


তিনিচুকীয়া, ১০ ছেপ্টেম্বৰ (হি.স.): টিৰাপ ট্ৰাইবেল স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতি, সদৌ অসম চেমা নগা পৰিষদ, সদৌ অসম চিংফৌ পৰিষদ, সদৌ অসম মান টাইভাষী পৰিষদ সদৌ অসম টাংচা কাউন্সিল সদৌ অসম চিংফৌ ছাত্ৰ সন্থা সদৌ অসম টাংচা ছাত্ৰ সন্থা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আদিক আজি জাগুন - মাৰ্ঘেৰিটাৰ একাংশ সাংবাদিক একত্ৰিত হৈ অনিদিষ্টকাললৈকে বৰ্জনৰ সিদ্ধান্ত লৈছে। আজি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিৰাপ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই আটাইকেইটা সংগঠনৰ সকলো ধৰণৰ অনুষ্ঠানৰ বা-বাতৰি অনিদিষ্টকাললৈকে বৰ্জনৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে - আজি উল্লেখিত সংগঠনকেইটাই লেখাপানী পাহাৰপুৰত এখন সংবাদমেল আয়োজন কৰাৰ লগতে লাইকা দধিয়াৰ বানবিধ্বস্ত লোকক পাহাৰপুৰত সংস্থাপিত কৰাৰ বিৰোধিতা কৰি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই কাৰ্যসূচীত নিমন্ত্ৰণ নকৰাকলৈ আজি ক্ষুদ্ধ হৈ পৰিছে জাগুন -মাৰ্ঘেৰিটাৰ সাংবাদিকসকল। অৱশ্যে সাংবাদিকসকলে স্পষ্ট কৰি দিয়ে যে, তিনিচুকীয়াৰ বা অন্যৰ সাংবাদিকক নিমন্ত্ৰণ কৰাত আপত্তি নাই। কিন্তু স্থানীয় সাংবাদিক সকলক আমন্ত্ৰণ নকৰাটো অপমানজনক আখ্যা দি উদ্বেগ প্ৰকাশ কৰে।

অন্যহাতে আজিৰ সভাই তিনিচুকীয়া জিলাৰ সকলো সাংবাদিক সংগঠনকে সহযোগিতা কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande