নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। ফ্ৰান্সৰ ৰাজধানী পেৰিছত চলি থকা অলিম্পিক-২০২৪ত পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩পি ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা স্বপ্নিল কুছালেক অভিনন্দন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰীপি ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হৈছে কুছালে। কুছালে ৫০ মিটাৰ ৰাইফল ৩ পজিচন পুৰুষৰ ফাইনেলত মুঠ ৪৫১.৪ স্ক’ৰেৰে তৃতীয় স্থান দখল কৰি ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ সামগ্ৰিকভাৱে শ্বুটিঙত ভাৰতৰ তৃতীয়টো পদক লাভ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে স্বপ্নিল কুছালেক আন্তৰিক অভিনন্দন। পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন শাখাত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। একেখন অলিম্পিক গেমছতে শ্বুটিং ইভেণ্টত তিনিটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। সমগ্ৰ শ্বুটিং ক্ৰুৱে ভাৰতক গৌৰৱান্বিত কৰিছে। আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে আমাৰ সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ভৱিষ্যতে স্বপ্নিল কুছালে আৰু অধিক পদক লাভ কৰাটো কামনা কৰিলোঁ।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে “পেৰিছ অলিম্পিক ২০২৪ত পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ স্থানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে স্বপ্নিল কুছালে আন্তৰিক অভিনন্দন। আপোনাৰ প্ৰকৃত নিষ্ঠা আৰু অধ্যৱসায়ে সমগ্ৰ দেশক বিশ্ব মঞ্চত গৌৰৱান্বিত কৰি তুলিছে। আপোনালোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাত অবিৰত সফলতা কামনা কৰিছোঁ।”
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে দিয়া পোষ্টটোত স্বপ্নীল কুছালেৰ ব্যতিক্ৰমী প্ৰদৰ্শন বুলি ব্যক্ত কৰে। ২০২৪ চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেওঁক অভিনন্দন। তেওঁৰ প্ৰদৰ্শন বিশেষ কাৰণ তেওঁ উৎকৃষ্ট নমনীয়তা আৰু দক্ষতা প্ৰদৰ্শন কৰিছে। এই শাখাত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈও। প্ৰতিজন ভাৰতীয় আনন্দৰে ভৰি পৰিছে।
হিন্দুস্থান সমাচাৰ/ সুশীল কুমাৰ
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া