শ্বুটিঙত ভাৰতক তৃতীয়টো ব্ৰঞ্জৰ পদক প্ৰদান কৰিলে স্বপ্নিল কুছালে
-ইয়াৰ উপৰিও কুছালে পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰীপি ইভেণ্টত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত পেৰিছ, ০১ আগষ্ট (হি.স.)। বৃহস্পতিবাৰে চলি থকা পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পি ইভেণ্টত ভাৰতীয় শ্বুটাৰ স্বপ্নীল কুছালে ব্ৰঞ্জৰ
শ্বুটিঙত ভাৰতক তৃতীয়টো ব্ৰঞ্জৰ পদক প্ৰদান কৰিলে স্বপ্নিল কুছালে


-ইয়াৰ উপৰিও কুছালে পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰীপি ইভেণ্টত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত

পেৰিছ, ০১ আগষ্ট (হি.স.)। বৃহস্পতিবাৰে চলি থকা পেৰিছ অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পি ইভেণ্টত ভাৰতীয় শ্বুটাৰ স্বপ্নীল কুছালে ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ উপৰিও কুছালে পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পি ইভেণ্টত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হয়।

কুছালে ৫০ মিটাৰ ৰাইফল ৩ পজিচন পুৰুষৰ ফাইনেলত মুঠ ৪৫১.৪ স্ক’ৰেৰে তৃতীয় স্থান দখল কৰি ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ সামগ্ৰিকভাৱে শ্বুটিঙত ভাৰতৰ তৃতীয়টো পদক লাভ কৰে।

ইয়াৰ পূৰ্বে অৰ্হতা ৰাউণ্ডত ভাৰতীয় শ্বুটাৰ স্বপ্নিল কুছালে বুধবাৰে চলি থকা পেৰিছ অলিম্পিকত অৰ্হতা ৰাউণ্ডত সপ্তম স্থান দখল কৰি পুৰুষৰ ৫০ মিটাৰ ৩ পিৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে।

ভাৰতীয় শ্বুটাৰ ঐশ্বৰ্য প্ৰতাপ সিং টোমাৰ আৰু স্বপ্নীল কুছালে দুয়োজনেই পুৰুষৰ ৫০ মিটাৰ ৩ পি অৰ্হতা ৰাউণ্ডত প্ৰৱেশ কৰে পেৰিছ ২০২৪ অলিম্পিকত। অলিম্পিকত অভিষেক ঘটোৱাৰ সময়ত কুছালে ৫৯০-৩৮x স্ক’ৰেৰে সপ্তম স্থান দখল কৰে। আনহাতে টমাৰে মুঠ ৫৮৯-৩৩x স্ক’ৰেৰে ১১ নম্বৰ স্থান দখল কৰে। কেৱল শীৰ্ষ আঠজন শ্বুটাৰেহে চূড়ান্ত ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু টোমাৰে চূড়ান্ত ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলে।

চীনৰ গণৰাজ্যৰ লিউ ইউকুনে মুঠ ৫৯৪–৩৮x ৰান কৰি অৰ্হতা অলিম্পিকৰ অভিলেখ গঢ়িছিল। লিউ ইউকুনে মুঠ ৪৬৩.৬ পইণ্টেৰে সোণৰ পদক দখল কৰে। আনহাতে ইউক্ৰেইনৰ এছ. কুলিছে ৪৬১.৩ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও কুছালে অলিম্পিকত পুৰুষৰ ৫০ মিটাৰ ৰাইফল 3P পদক ইভেণ্টত যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বুটাৰ আছিল।

ইয়াৰ পূৰ্বে বহু ক্ৰীড়া ইভেণ্টত ভাৰতৰ শ্বুটাৰ মনু ভাকেৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ একাউণ্ট খুলিছিল। ২০০৪ চনত সুমা শ্বিৰুৰৰ পিছত অলিম্পিকত ব্যক্তিগত ইভেণ্টত শ্বুটিং ফাইনেলত প্ৰৱেশ কৰা ২০ বছৰৰ ভিতৰত প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাসৰ সৃষ্টি কৰে। ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক প্লে অফ মেচত ভাৰতীয় শ্বুটিং যুটি মনু আৰু চাৰাবজোৎ সিঙে দক্ষিণ কোৰিয়াৰ লি ৱনহ’ আৰু অহ য়ে জিনক ১৬-১০ পইন্টত পৰাস্ত কৰে।

হিন্দুস্থান সমাচাৰ / সুনীল ডুবে

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande