মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন বোৱাৰীক হত্যা কৰাৰ অভিযোগত প্ৰতিবাদ
মৃতদেহলৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ।
মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন বোৱাৰীক হত্যা কৰাৰ অভিযোগত প্ৰতিবাদ


মৰিগাঁও, ০১ আগষ্ট (হি.স.): মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন বোৱাৰীক হত্যা কৰাৰ অভিযোগত মৃতদেহলৈ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।মাহ হালধিৰ গোন্ধ নাযাওঁতেই ন-বোৱাৰী গৰাকীক যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে শাৰীৰিক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।

মৰিগাঁও জিলাৰ শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলামে সাত মাহ পূৰ্বে সামাজিক ৰীতি নীতিৰে বিয়া কৰোৱা বোৱাৰী গৰাকীক প্ৰায়ে চলাই আহিছিল নিৰ্যাতন।যৌতুকৰ বাবে বোৱাৰী গৰাকীৰ স্বামী ইজাজুল ইছলামে প্ৰায়ে পাষৱিক নিৰ্যাতন চলাই অহাত অবশেষত ললে চূড়ান্ত ৰূপ।ইজাজুল ইছলাম আৰু পৰিয়ালৰ লোকে বোৱাৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে ।ঘটনা সন্দৰ্ভত বড়িবজাৰ আৰক্ষী পহৰা চকীত বোৱাৰী গৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও ঘটনা সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীৰ।

সংবাদ মাধ্যমৰ জৰিয়তে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী বোৱাৰী গৰাকীৰ পৰিয়ালে।উল্লেখ্য যে বোৱাৰী গৰাকীক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল ইজাজুল ইছলাম আৰু পৰিয়ালে। এই কথা জানিব পাৰি বোৱাৰী গৰাকীৰ পৰিয়ালে বড়িবজাৰ আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰাৰ পিছতে ৰহস্যজনক ভাবে মৃতদেটো আৰক্ষীয়ে বোৱাৰী গৰাকীৰ পৰিয়াৰলক বুধবাৰে নিশা চমজাই দিয়ে।যাৰ বাবে বোৱাৰী গৰাকীৰ দূৰ্ভগীয়া পিতৃ মাতৃৰ লগতে গাওঁবাসীয়ে হত্যাকাৰীক কঠোৰভাবে শাস্তি প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande