কামৰূপ, ০১ আগষ্ট (হি.স.)। ক্ষেত্ৰীত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। দীৰ্ঘদিনৰ পৰা জাপানিজ এনকেফেলাইটিছ তআক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল টিকেন্দ্ৰজিৎ মজুমদাৰ নামৰ ক্ষেত্ৰীৰ লোকজন ৷
বুধবাৰে নিশা জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা টিকেন্দ্ৰজিৎ মজুমদাৰ আছিল ক্ষেত্ৰী আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ উল্লেখযোগ্য যে সোণাপুৰ মহকুমা স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ অধীনৰ ডিমৰীয়াৰ বিগত মাহটোত আক্ৰান্তৰ সংখ্যা আছিল ৫গৰাকী ইয়াৰে এগৰাকীৰ কিশোৰৰ মৃত্যু হৈছিল ৷ আৰু এতিয়া প্ৰধান শিক্ষক টিকেন্দ্ৰজিৎ মজুমদাৰৰ মৃত্যু’ৰ পাছত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুগৰাকীলৈ বৃদ্ধি পালে ।
হিন্দুস্থান সমাচাৰ
হিন্দুস্থান সমাচাৰ / Narayan Kar / মনোজ কুমাৰ শইকীয়া