পেৰিছ, ০১ আগষ্ট (হি.স.)। বৃহস্পতিবাৰে পেৰিছ ২০২৪ অলিম্পিকত পুৰুষৰ ২০ কিলোমিটাৰ খোজকাঢ়ি দৌৰত ১:২২:৩৬ সময়েৰে ৩০ নম্বৰ স্থান দখল কৰে ভাৰতীয় স্প্ৰিণ্টাৰ বিকাশ সিঙে। প্ৰশংসনীয় প্ৰচেষ্টা সত্ত্বেও ইভেণ্টত ভাৰতীয় তিনিগৰাকী খেলুৱৈৰ ভিতৰত সৰ্বাধিক বেগী বিকাশে পদক লাভ কৰিব নোৱাৰিলে।
ইয়াৰ পূৰ্বে ২৮ বছৰীয়া বিকাশে যোৱা বছৰ এছিয়ান গেমছত একেখন ইভেণ্টতে পঞ্চম স্থান দখল কৰি ভাল প্ৰদৰ্শন আগবঢ়াইছিল। বিকাশৰ সৈতে এই দৌৰত অন্তৰ্ভুক্ত আছিল অলিম্পিকত অভিষেক ঘটোৱা পৰমজিৎ সিং বিষ্ট। পৰমজীতে ১:২৩:৪৮ ছেকেণ্ডত দৌৰ সম্পূর্ণ কৰি ৩৭ নম্বৰ স্থান দখল কৰে৷ তেওঁ নিজৰ এথলেটিক কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছিল।
কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাষ্ট্ৰীয় অভিলেখধাৰী অক্ষদীপ সিঙে মাত্ৰ ৬ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰি দৌৰৰ পৰা আঁতৰি যোৱাৰ ফলত এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ ফলত তেওঁ প্ৰতিযোগিতাখন সম্পূৰ্ণ কৰিব নোৱাৰিলে।
ট্ৰ’কাডেৰোত অনুষ্ঠিত এই দৌৰত ইকুৱেডৰৰ খেলুৱৈ ব্রায়ান ডেনিয়েল পিন্টাডোৱে ১:১৮:৫৫ ছেকেণ্ডৰ আকৰ্ষণীয় সময়েৰে সোণৰ পদক লাভ কৰে। ব্ৰাজিলৰ কাইঅ’ বনফিমে ১:১৯:০৯ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে। স্পেইনৰ আলভাৰো মাৰ্টিনে ১:১৯:১১ সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰি প’ডিয়াম সম্পূৰ্ণ কৰে।
হিন্দুস্থান সমাচাৰ / সুনীল ডুবে
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া