আয়ুষ্মান কাৰ্ডৰ ব্যৱহাৰ পুনৰ মুকলি আৰু ৰঙিয়াৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন সন্দৰ্ভত চিপিআইএমৰ দাবী উত্থাপন
আয়ুষ্মান কাৰ্ডৰ ব্যৱহাৰ পুনৰ মুকলি আৰু ৰঙিয়াৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন সন্দৰ্ভত চিপিআইএমৰ দাবী উত্থাপন
আয়ুষ্মান কাৰ্ডৰ ব্যৱহাৰ পুনৰ মুকলি আৰু ৰঙিয়াৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন সন্দৰ্ভত চিপিআইএমৰ দাবী উত্থাপন


কামৰূপ, ০১ আগষ্ট (হি.স.)। ৰঙিয়া স্বাস্থ্য খণ্ডৰ দীৰ্ঘ দিনীয়া কেইবাটাও সমস্যাৰ সমাধানৰ দাবী জনাইছে চিপিআইএম দলে । আজি অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে দলৰ কামৰূপ জিলাৰ সম্পাদক বাসুদেৱ কলিতাই এইদৰে দাবী উত্থাপন কৰে। আয়ুষ্মান কাৰ্ডৰ ব্যৱহাৰ বন্ধ আৰু ৰঙিয়াৰ স্বাস্থ্য খণ্ডৰ গুৰুত্বপূৰ্ণ সমস্যা সন্দৰ্ভত ৰঙিয়াত চিপিআইএমে সংবাদ মেল অনুষ্ঠিত কৰে । তেওঁ কয়, এবছৰ পূৰ্বে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় বিধায়ক ভবেশ কলিতাৰ উপস্থিতিত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত ৪৭ খন আইচিইউ বিছনা যুক্ত চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। কিন্তু আজিকোপতি ৰোগীৰ বাবে মুকলি নহ'ল । লগতে আদৰ্শ চিকিৎসালয়খনত থকা এক্সৰে মেছিনটো সাধাৰণ দুপদ সামগ্রী লীড ডুৰ আৰু লীড বেৰিয়াৰ নথকা বাবে এক্সৰে ব্যৱস্থাটো ২০১৮ চনৰ পৰাই অব্যৱহৃত হৈ পৰি ৰৈছে।

ইফালে চিকিৎসালয় খনৰ ভিতৰত থকা ডায়েলাইচিচ চেণ্টাৰৰ বাবে অনা তিনিটাকৈ মেচিন যোৱা চাৰি মাহ ধৰি ভড়াল ঘৰত সোমাই থোৱা আছে কাৰণ মেচিনকেইটা স্থাপন কৰিবলৈ স্থানৰ অভাৱ। বৃহত্তৰ ৰঙিয়া অঞ্চলৰ ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰা চিকিৎসালয়ত যান্ত্ৰিক বিজুতিৰ লগতে চিকিৎসা কৰ্মীৰ অভাৱ পূৰণ কৰি অতি সোনকালে চিকিৎসালয়খন আৰু অধিক কাৰ্য‍্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰে । লগতে অতি শীঘ্ৰে ৰঙিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত বাধা অহা সমস্যা সমূহৰ অতি শীঘ্ৰে স্থায়ী সমাধান কৰিবলৈ আহ্বান জনায় । অন্যথা অনাগত দিনত আন্দোলন কৰাৰ হুংকাৰ দিয়ে ।

সংবাদমেলখন সম্বোধন কৰি কয় যে আয়ুষ্মান কার্ডখন হঠাৎ অসম চৰকাৰে বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত বন্ধ কৰি দিয়াত দৰিদ্ৰ ৰোগীসকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । কিয়নো চৰকাৰী চিকিৎসালয়বোৰৰ ভিতৰত একমাত্র গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় বাদ দি বাকীবোৰত সকলো ৰোগৰ উন্নত চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসক, উন্নতমানৰ চিকিৎসা সঁজুলি আৰু কাৰিকৰী ব্যক্তিৰ অভাৱ । যাৰ ফলত ৰোগীসকলে উপায় বিহীন হৈ ঘৰৰ সা-সামগ্রী বিক্ৰী কৰি হ'লেও পইচা ভৰি বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰিব লগা হৈছে । সম্প্রতি বি.বৰুৱা কৰ্কট প্রতিষ্ঠানেও আয়ুষ্মান কার্ড বাতিল কৰাৰ ফলত কৰ্কট ৰোগী সকলো জটিল সমস্যাত পৰিছে ।

আনহাতে বেচৰকাৰী চিকিৎসালয়বোৰেও আয়ুষ্মান কাৰ্ডৰ চিকিৎসাৰ বাবদ চৰকাৰৰ পৰা কোটি কোটি টকা পাবলৈ বাকী আছে। উদাহৰণ স্বৰূপে খবৰ লৈ গম পোৱা মতে ৰঙিয়া স্বস্তি হস্পিতালে চৰকাৰৰ পৰা ১২ কোটি টকা পাবলৈ বাকী আছে । সেয়েহে চিকিৎসালয়খনৰ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱাত আগ্রহ নাই । সংবাদমেলখনৰ জৰিয়তে চিপিআইএমে আয়ুষ্মান কাৰ্ডখন পুনৰাই দুখীয়া ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰিবলৈ দাবী জনায় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা / ৰমেন বৰ্মণ / মনোজ কুমাৰ শইকীয়া


 rajesh pande