বঙাইগাঁও, ০১ আগষ্ট (হি.স.): আজি নিউ বঙাইগাঁৱত জব্দ কৰা হৈছে ২৮০ বস্তা বাৰ্মিজ চুপাৰী । প্ৰায় ৫০ লক্ষাধিক টকা মূল্যৰ চুপাৰী জব্দ কৰা হৈছে।নামনিমুৱা কামৰূপ এক্সপ্ৰেছত অভিযান চলাই জি আৰ পিয়ে জব্দ কৰে ২৪০ বস্তা বাৰ্মিজ চুপাৰী।
একেদৰে নামনিমুৱা বিবেক এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে 40 বস্তা বাৰ্মিজ চুপাৰী। দুখন ৰে’লৰ পৰা মুঠ ২৮০ বস্তা চুপাৰী জব্দ কৰে জি আৰ পিয়ে। জি আৰ পিৰ এক সূত্ৰত প্ৰকাশ যে জব্দকৃত চুপাৰীখিনিৰ মূল্য প্ৰায় ৫২ লাখ টকা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া