কাঠমাণ্ডু, ০১ আগষ্ট (হি.স.)। বৃহস্পতিবাৰৰ পৰা ভাৰতীয় টিভি চেনেলৰ চাৰিটা গ্ৰুপে ধন নিদিয়াৰ বাবে নেপালত নিজ নিজ চেনেল সম্প্ৰচাৰ বন্ধ কৰি দিয়ে। এই চাৰিটা টিভি চেনেল গ্ৰুপ হৈছে জি নেটৱৰ্ক, চনী নেটৱৰ্ক, ষ্টাৰ গ্ৰুপ আৰু কালাৰছ।
নেপালৰ তথ্য আৰু যোগাযোগ মন্ত্ৰালয়ৰ মুখপাত্ৰ গজেন্দ্ৰ ঠাকুৰে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে এই বিষয়টো সমাধানৰ বাবে মন্ত্ৰালয়ে উদ্যোগ লৈছে। আজি সন্ধিয়া নেপাল ৰাষ্ট্ৰ বেংকৰ চেনেল বিতৰক আৰু প্ৰতিনিধিলৈ ফোন কৰি ইয়াৰ সমাধানৰ প্ৰয়াস কৰা হ’ব ঠাকুৰৰ মতে, বৃহস্পতিবাৰৰ পৰা জি নেটৱৰ্ক, চ’নী নেটৱৰ্ক, ষ্টাৰ গ্ৰুপ আৰু কালাৰ্ছৰ সৈতে জড়িত সকলো চেনেলৰ টেলিকাষ্ট বন্ধ কৰি দিয়া হৈছে। . নেপালত এই চেনেলসমূহ সম্প্ৰচাৰৰ অধিকাৰ ক্ৰয় কৰা বিতৰণ কোম্পানীটোৱে যোৱা তিনিমাহ ধৰি ধন পৰিশোধ কৰা নাই। এই কাৰণে ১ আগষ্টৰ পৰা এই চেনেলসমূহ নেপালত সম্প্ৰচাৰ হোৱা নাই।এই সন্দৰ্ভত নেপালৰ সৰ্ববৃহৎ ডিটিএইচ কোম্পানী ডিছ হোমৰ মুৰব্বী দেৱী প্ৰকাশ ভট্টচনে কয় যে চৰকাৰী নীতিৰ বাবে আজি এই চেনেলটো সম্প্ৰচাৰ হোৱা নাই। ভাৰতীয় চেনেলটোৰ সম্প্ৰচাৰৰ বাবে দিয়া ধন পৰিশোধৰ অনুমতি বন্ধ কৰি দিছে নেপাল ৰাষ্ট্ৰ বেংকে। তেওঁ অভিযোগ কৰে যে যোৱা তিনিমাহ ধৰি বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো নেপাল ৰাষ্ট্ৰ বেংকে এতিয়াও ধন পৰিশোধৰ বিনিময়ৰ সুবিধা প্ৰদান কৰা নাই। ইয়াৰ বাবে চেনেলটোৰ সম্প্ৰচাৰ বন্ধ হৈ গৈছে।
হিন্দুস্থান সমাচাৰ / পংকজ দাস /
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া