দৰঙত বৰ্তমান জাপানীচ এনকেফেলাইটিছত ১১ জন আক্ৰান্ত
দৰঙত বৰ্তমান জাপানীচ এনকেফেলাইতিছ ত ১১ জন আক্ৰান্ত
দৰঙত বৰ্তমান জাপানীচ এনকেফেলাইটিছত ১১ জন আক্ৰান্ত


দৰং, ০১আগষ্ট (হি.স.)। । দৰঙত বৰ্তমান জাপানীচ এনকেফেলাইটিছত ১১ জনকৈ লোক আক্ৰান্ত হৈছে। তাৰে ভিতৰত এগৰাকী ৬ বছৰীয়া শিশু আক্ৰান্ত হৈছে। দৰং জিলাৰ খাৰুপেটিয়াত ৬ গৰাকী আৰু পাথৰিঘাট এলেকাত ৫ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে।

১১ জন ৰোগীৰ ভিতৰত ১ জন বৰ্তমান চিকিৎসাধিন হৈ থকাৰ বিপৰীতে বাকী ১০ জন সুস্থ হৈ উঠিছে। পৰিভ্ৰমী চৰাই আৰু গাহৰিৰ পৰা এই ৰোগ বেছি কৈ সংক্ৰমিত হৈছে বুলি জানিব দিয়ে দৰং জিলাৰ মেলেৰিয়া বিষয়াই। অত্যধিক জ্বৰ বা তেনেধৰণৰ ৰোগে দেখা দিলে তৎক্ষনাত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান বিষয়া গৰাকীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা / ৰমেন বৰ্মণ / মনোজ কুমাৰ শইকীয়া


 rajesh pande