পাকিস্তানত ছিয়া আৰু চুন্নী যুদ্ধত এতিয়ালৈকে মৃত্যু হৈছে ৪৩ জন লোকৰ
খাইবাৰ পাখতুনখোৱা, ৩১ জুলাই (হি.স.)। পাকিস্তানৰ অশান্ত উত্তৰ-পশ্চিম কুৰৰাম জনজাতি জিলাত ভূমি বিবাদক লৈ চুন্নী আৰু ছিয়া জনজাতিৰ মাজত ৰক্তাক্ত সংঘৰ্ষত ৪৩ জন লোক নিহত হোৱাৰ লগতে ২০০ৰো অধিক আহত হৈছে। বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰে স্থানীয় জনজাতীয
pakistan


খাইবাৰ পাখতুনখোৱা, ৩১ জুলাই (হি.স.)। পাকিস্তানৰ অশান্ত উত্তৰ-পশ্চিম কুৰৰাম জনজাতি জিলাত ভূমি বিবাদক লৈ চুন্নী আৰু ছিয়া জনজাতিৰ মাজত ৰক্তাক্ত সংঘৰ্ষত ৪৩ জন লোক নিহত হোৱাৰ লগতে ২০০ৰো অধিক আহত হৈছে।

বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰে স্থানীয় জনজাতীয় জিৰগাৰ সহায় আৰু সমৰ্থনত যুদ্ধবিৰত জনজাতিসকলে অস্থায়ী যুদ্ধবিৰতি ঘোষণা কৰে। অস্থিৰ পাহাৰীয়া কুৰৰাম অঞ্চলত বিগত কেইবা দশক ধৰি জনজাতি আৰু ধৰ্মীয় সংগঠনৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হৈ আহিছে। চৰকাৰৰ গৃহ আৰু জনজাতি পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি বৰ্তমান কুৰৰামত ৮টা বৃহৎ সংঘাতৰ সাক্ষী হৈ আছে।

যোৱা সপ্তাহত এটা সম্পত্তিৰ মালিকীস্বত্বক লৈ দুটা ছিয়া আৰু চুন্নী পৰিয়ালৰ মাজত ৰক্তাক্ত কাজিয়া সংঘটিত হৈছিল। এই শত্ৰুতা দ্ৰুতগতিত বহু গাঁও আৰু গাঁৱলৈ বিয়পি পৰিল, যাৰ ফলত সমগ্ৰ জিলাখনতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। বিষয়াসকলে জনোৱা মতে, নিহতসকলৰ ভিতৰত ৩৪ জন ছিয়া জনগোষ্ঠীৰ আৰু ৮ জন চুন্নী জনগোষ্ঠীৰ।

কুৰৰামৰ মকবাল আৰু তেৰী মংগল অঞ্চলত দেওবাৰে নিশা আৰু সোমবাৰে পুৱালৈকে ছিয়া আৰু চুন্নী জনগোষ্ঠীৰ মাজত গুলীচালনা চলি থাকে। স্থানীয় লোকৰ মতে, পাকিস্তান আৰু আফগানিস্তানৰ বিতৰ্কিত সীমান্ত ডুৰাণ্ড লাইনৰ দুয়োপাৰে এই পৰিয়ালসমূহ বাস কৰাৰ বাবে অঞ্চলটোৰ চুন্নী জনজাতিসকলে সীমা অতিক্ৰম কৰি সহায় লাভ কৰিছে।

সংঘৰ্ষ আৰু অশান্তি ৰোধৰ বাবে অঞ্চলটোৰ বেছিভাগ গাঁৱতে পথ বন্ধ কৰি দিয়া হৈছে। কিন্তু ইয়াৰ বাবেই জনসাধাৰণ খাদ্য আৰু ঔষধৰ নাটনিৰ সন্মুখীন হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ / মনোজ কুমাৰ শইকীয়া


 rajesh pande