মেণ্ডিছৰ ঠাইত শ্ৰীলংকাৰ এদিনীয়া অধিনায়ক হিচাপে অধিষ্ঠিত আছালংকা
কলম্বো, ৩১ জুলাই (হি.স.)। ভাৰতৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পূর্বে মঙলবাৰে শ্রীলংকাই এদিনীয়াৰ অধিনায়ক কুছাল মেণ্ডিছৰ ঠাইত টি-২০ৰ অধিনায়ক চৰিথ আছালংকাক নিযুক্তি দিয়ে ৷ যোৱা সপ্তাহত টি-২০ৰ অধিনায়ক হিচাপেও নিৰ্বাচিত হোৱা শ্ৰীলংকাৰ হোৱাইট
Asalanka replaces Mendis as Sri Lanka ODI captain


কলম্বো, ৩১ জুলাই (হি.স.)। ভাৰতৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পূর্বে মঙলবাৰে শ্রীলংকাই এদিনীয়াৰ অধিনায়ক কুছাল মেণ্ডিছৰ ঠাইত টি-২০ৰ অধিনায়ক চৰিথ আছালংকাক নিযুক্তি দিয়ে ৷

যোৱা সপ্তাহত টি-২০ৰ অধিনায়ক হিচাপেও নিৰ্বাচিত হোৱা শ্ৰীলংকাৰ হোৱাইট বলৰ অধিনায়ক হিচাপে পৰিগণিত হ’ব ২৭ বছৰীয়া মিডল অৰ্ডাৰ বেটছমেন অছালংকা। জুন মাহত শ্ৰীলংকাই টি-২০ বিশ্বকাপৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ পিছত ৱানিন্দু হাছাৰাংগাই পদত্যাগ কৰাৰ পিছতে অছালংকাই টি-২০ৰ দায়িত্ব দিয়া হৈছিল।

আগন্তুক শৃংখলাৰ বাবে শ্ৰীলংকা ক্ৰিকেটে ঘোষণা কৰা ১৬ জনীয়া এদিনীয়া দলত অন্তৰ্ভুক্ত হৈছে মেণ্ডিছ। অহা ২ আগষ্টৰ পৰা কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তিনিখন খেলৰ এদিনীয়া শৃংখলা।

শ্ৰীলংকাৰ এদিনীয়া দল-

চৰিথ আছালংকা (অধিনায়ক), পথুম নিছাংকা, অবিষ্কা ফাৰ্নাণ্ডো, কুছাল মেণ্ডিছ, ছাদিৰা সমৰাৱিক্ৰমা, কামিন্দু মেণ্ডিছ, জেনিথ লিয়াংগে, নিশান মাদুষ্কা, ৱানিন্দ হাছাৰংগা, দুনিথ ভেলালাগে, চামিকা কৰুণাৰত্নে, মহিষ থিকছানা, আকিলা ধনঞ্জয়া, দিলচন মাদুশংকা, মথিছা পথিৰানা আৰু অসিথান ফাৰ্নাণ্ডো ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ / মনোজ কুমাৰ শইকীয়া


 rajesh pande