দৰং, ২৯ জুলাই (হি.স.)। দৰং জিলাৰ মঙলদৈ মিলনপুৰৰ এটি পৰিয়ালত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। দিল্লীত মাতৃৰ চিকিৎসা কৰিবলৈ গৈ মৃত্যুমুখত পৰে পুত্ৰ। দিল্লীত জণ্ডিচ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদত চিকিৎসাৰ বাবে গৈছিল পুত্ৰ, তাতেই মৃত্যু হয় ধ্ৰুৱ জ্যোতি নাথ নামৰ যুৱকজনৰ। এতিয়া ধনৰ অভাৱত হায়দৰাবাদৰ এআইঝি হস্পিতালৰ পৰা আনিব পৰা নাই পুত্ৰ ধ্ৰুৱ জ্যোতি নাথৰ মৃতদেহ।
ইফালে দিল্লীৰ অসম ভৱনতে আছে মাতৃ ভোগেশ্বৰী নাথ। এই ঘটনাই মঙলদৈ মিলনপুৰত শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। মৃত ধ্ৰুৱজ্যোতি নাথে ১১ মাহ পূৰ্বে টেক্স কালেক্টৰ হিচাবে যোগদান কৰিছিল চাকৰিত। জুন মাহৰ ৫ তাৰিখেই দিল্লীত মাতৃক কেন্সাৰ ৰোগৰ চিকিৎসা কৰাবলৈ গৈ পুত্ৰই হায়দৰাবাদত কৰুণ মৃত্যুক সাৱতি লোৱাৰ পিছতে আমানিশা নামি আহিছে পৰিয়ালটোত।
আনহাতে হায়দৰাবাদৰ এআইজি হস্পিতালত হোৱা প্ৰায় চাৰি লক্ষাধিক বিল পৰিশোধ কৰিব নোৱাৰি পৰিয়ালটো বিপাঙত পৰিছে। মৃতদেহটো নিজ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ চৰকাৰ, প্ৰশাসনক কাতৰ আহ্বান ঘৰখনত থকা একমাত্ৰ ভনীয়েকৰ। অৱশ্যে দিল্লীৰ অসম ভৱনৰ বিষয়া কৰ্মচাৰী আৰু মঙলদৈ মিলনপুৰৰ একাংশ লোকে মাতৃক ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে যদিও সেইয়া পৰ্যাপ্ত নহয়।
মঙলদৈ মিলনপুৰৰ ভোগেশ্বৰী নাথক যোৱা ৫ জুন তাৰিখেই দিল্লীলৈ লৈ গৈছিল পুত্ৰ ধ্ৰুৱ জ্যোতি নাথে। কিন্তু মাতৃৰ চিকিৎসাৰ মাজতে পুত্ৰ ধ্ৰুৱজ্যোতি নাথ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে। জণ্ডিচ ৰোগত আক্ৰান্ত ধ্ৰুৱজ্যোতিক ২৪ জুলাইত হায়দৰাবাদৰ এআইজি হাস্পতালত ভৰ্তি কৰোৱাই যদিও অবিবাহিত যুৱক ধ্ৰুৱজ্যোতি নাথৰ মৃত্যু হয়। কিন্তু চিকিৎসালয়ৰ প্ৰায় ৪ লাখ টকাৰ বিল পৰিশোধ কৰিব নোৱাৰাত এতিয়াও মৃতদেহ চিকিৎসালয়ৰ আছে।
সেয়েহে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।
হিন্দুস্থান সমাচাৰ
হিন্দুস্থান সমাচাৰ / Narayan Kar / মনোজ কুমাৰ শইকীয়া