জুৰীয়াত পুখুৰীত গা ধুব গৈ সলিল সমাধি দুই কিশোৰৰ
জুৰীয়াত শোকাৱহ ঘটনা ।
জুৰীয়াত পুখুৰীত গা ধুব গৈ সলিল সমাধি দুই কিশোৰৰ


নগাঁও, ২৭ জুলাই (হি.স.): নগাঁও জিলাৰ জুৰীয়াত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। পুখুৰীত গা ধুব গৈ সলিল সমাধি ঘটিল দুই কিশোৰৰ। জুৰীয়াৰ চামধৰাত এই ঘটনা ঘটে। সলিল সমাধি ঘটা কিশোৰ দুজন হৈছে প্ৰায় ১৬ /১৭ বছৰীয়া নিশান্ত বৰা আৰু যতীন বৰা ।

জানিব পৰামতে, যোৱাকালি শুকুৰবাৰে বিয়লি চামধৰাৰ বিহুচোৱা পথাৰৰ এটি পুখুৰীত চাৰি সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল যতীন শ‌ইকীয়া আৰু নিশান্ত বৰা । বাৰিষাৰ পুখুৰীৰ গভীৰ পানীত হঠাতে ডুব যায় কিশোৰ দুটি। গা ধুবলৈ যোৱা আন দুজন বন্ধু কোনোমতে পাৰত উঠি চিঞৰ বাখৰ কৰাত স্থানীয় একাংশ লোক উপস্থিত হৈ সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। কিশোৰ দুটিৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande