দৰঙৰ বিভিন্ন বজাৰত আলুৰ নাটনি
একাংশ কলা বেপাৰীয়ে লৈছে সুযোগ।
দৰঙৰ বিভিন্ন বজাৰত আলুৰ নাটনি


–২৫ টকীয়া আলু বজাৰত বিক্ৰী হৈছে প্ৰতি কিলোত ৪০ টকা ।

দৰং, ২৬ জুলাই (হি.স.): পশ্চিমবংগৰ পৰা অসমলৈ আলু প্ৰৱেশত বাধাৰ সৃষ্টি হোৱাত যোৱা সপ্তাহৰ পৰা অসমত আলুৰ বজাৰত লাগিছে জুই ৷ এসপ্তাহ পূৰ্বে অসমৰ বজাৰত ২০/২৫ টকীয়া আলু আজিৰ দিনত গ্ৰাহকে প্ৰতি কিলোত ৪০/৫০ টকাকৈ কিনিব লগীয়া হৈছে ৷

উল্লেখ্য যে বিগত কেইদিনত বহিৰাজ্যৰ পৰা অসমলৈ আলু ভৰ্তি ট্ৰাক সমূহ অসম বংগ সীমান্তত আৱদ্ধ হৈ আছে যাৰ ফলত দৈনিক বৃদ্ধি হৈছে আলুৰ মূল্য৷ দৰঙৰ বিভিন্ন বজাৰটো আলুৰ নাটনি দেখা পোৱা গৈছে ৷ দৰঙৰ খাৰুপেটীয়াস্থিত বিভিন্ন পাইকাৰী আলু বিক্ৰেতাৰ ওচৰত পাবলৈ নাই আলু ৷ কৰবাত থাকিলেও ৩৫/৪০ টকাত বিক্ৰী কৰিছে ৷ জানিব পৰা মতে গোদামত মজুত থকা ২০/২৫ টকীয়া আলু চাহিদাৰ সুযোগ লৈ ৩৫/৪০ টকাত বিক্ৰী কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে ৷ এই ক্ষেত্ৰত যোগান বিভাগে কলা বজাৰত আলু বিক্ৰী কৰা ব্যৱসায়ী সকলক নাকি লগাবলৈ একপ্ৰকাৰ ব্যৰ্থ হৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande