মৰিগাঁও, ২৬ জুলাই (হি.স.): মৈৰাবাৰীত ঠগ এটাক আটক কৰিছে ৰাইজে। এটা অবৈধ মোবাইল এপ'ৰ জৰিয়তে মৈৰাবাৰী অঞ্চলৰ বিভিন্ন দোকানৰ পৰা সৰকাইছিল ধন। ঠগটোৰ নাম আজমল আলি ওৰফে বাবুল। ঘৰ লাহৰিঘাটৰ টেঙাগুৰিত।
মৈৰাবাৰীৰ বিভিন্ন দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি কিউআৰ স্কেন কৰি টকা দিয়ে যদিও সেই টকা দোকানীৰ একাউণ্টত নোসোমায়। এনে কাৰ্য বাবুলে কেইবাবাৰো কৰাৰ অন্তত আজি দোকানী জনে হাতে লোটে কৰায়ত্ত কৰে বাবুলক। ইতিমধ্যে কৰায়ত্ত কৰি মৈৰাবাৰী আৰক্ষীক চমজি দিয়ে ঠগটোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া