এপ্ৰিল-জুন ত্ৰৈমাসিকত নেচলে ইণ্ডিয়াৰ ৭৪৬.৬ কোটি টকা লাভ
-২৫ জুনৰ ত্ৰৈমাসিকত কোম্পানীটোৰ লাভ ৬.৯ শতাংশ জপিয়াই ৭৪৬.৬ কোটি টকা নতুন দিল্লী, ২৫ জুলাই (হি.স.)। দৈনিক ব্যৱহাৰ কৰা পেকেজড ফুড কোম্পানী নেচলে ইণ্ডিয়া লিমিটেডে এপ্ৰিল-জুন ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে। এপ্ৰিল-জুন ত্ৰৈমাসিকত কোম্পানীটোৰ লাভ ৬.৯ শতা
নেচলে ইণ্ডিয়া


-২৫ জুনৰ ত্ৰৈমাসিকত কোম্পানীটোৰ লাভ ৬.৯ শতাংশ জপিয়াই ৭৪৬.৬ কোটি টকা

নতুন দিল্লী, ২৫ জুলাই (হি.স.)। দৈনিক ব্যৱহাৰ কৰা পেকেজড ফুড কোম্পানী নেচলে ইণ্ডিয়া লিমিটেডে এপ্ৰিল-জুন ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে। এপ্ৰিল-জুন ত্ৰৈমাসিকত কোম্পানীটোৰ লাভ ৬.৯ শতাংশ জপিয়াই ৭৪৬.৬০ কোটি টকা হৈছে। যোৱা বছৰৰ একে সময়ছোৱাত কোম্পানীটোৱে লাভ কৰিছিল ৬৯৮.৩৪ কোটি টকা।

বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত নেচলে ইণ্ডিয়াই কয় যে এপ্ৰিল-জুন ত্ৰৈমাসিকত কোম্পানীটোৰ নিকা লাভ ৬.৯ শতাংশ বৃদ্ধি পাই ৭৪৬.৬০ কোটি টকা হৈছে। যোৱা বছৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত কোম্পানীটোৰ লাভৰ পৰিমাণ আছিল ৬৯৮.৩৪ কোটি টকা। আনহাতে, পণ্য বিক্ৰীৰ পৰাও নেচলে ইণ্ডিয়াৰ আয় ৩.৭৫ শতাংশ বৃদ্ধি পাই ৪,৭৯২.৯৭ কোটি টকা হৈছে, যিটো বিগত বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৪,৬১৯.৫০ কোটি টকা আছিল। কোম্পানীটোৱে জনোৱা মতে, এপ্ৰিল-জুন ত্ৰৈমাসিকত মুঠ ব্যয় ২.৭ শতাংশ বৃদ্ধি পাই ৩,৮৪৪.০১ কোটি টকা হৈছে।

নেচলে ইণ্ডিয়াৰ ঘৰুৱা বিক্ৰীও এপ্ৰিল-জুন ত্ৰৈমাসিকত ৪.২৪ শতাংশ বৃদ্ধি পাই ৪,৬০৮.৫০ কোটি টকা হয়, যিটো বিগত বছৰৰ একে সময়ছোৱাত ৪,৪২০.৭৭ কোটি টকা। এই সময়ছোৱাত ইয়াৰ মুঠ আয় ৩.৬৪ শতাংশ বৃদ্ধি পাই ৪,৮৫৩.০৭ কোটি টকা হৈছে। ইয়াৰ মুখ্য কাৰ্যালয় হাৰিয়ানাৰ গুৰগাঁৱত অৱস্থিত। কোম্পানীটোৰ প্ৰধান সামগ্ৰীসমূহৰ ভিতৰত আছে খাদ্য, পানীয়, চকলেট আৰু মিঠাই।

হিন্দুস্থান সমাচাৰ / প্ৰজেশ শংকৰ

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande