হোজাইত পুনৰ এজন চোৰক লপা থপা স্থানীয় ৰাইজৰ
হোজাইত পুনৰ এজন চোৰক লপা থপা স্থানীয় ৰাইজৰ ।
হোজাইত পুনৰ এজন চোৰক লপা থপা স্থানীয় ৰাইজৰ


হোজাই, ২৫ জুলাই (হি.স.): হোজাইত যোৱাকালি সন্ধিয়া পুনৰ এজন চোৰক লপা থপা দিয়ে স্থানীয় ৰাইজে । হোজাই পূব ধনীৰাম পথাৰত হাতে লোটে আটক হয় এটা গভাইত চোৰ।

চোৰজন হোজাই ৰে’ল ষ্টেচনৰ সমীপৰ বিশ্বজিত মজুমদাৰ বুলি পৰিচয় পোৱা গৈছে। দোকানত চুৰি কৰি থাকোতেই স্বত্বাধিকাৰীয়ে চি চি কেমেৰাত প্ৰত্যক্ষ কৰি আটক কৰে চোৰটোক। পৰৱৰ্তী সময়ত লপা থপা দি চমজি দিয়ে হোজাই আৰক্ষীক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande