ডিমৰীয়াত জাপানীজ এনকেফেলাইটিছ আক্রান্ত কেইবাজনো লোক
ডিমৰীয়াতো জাপানীজ এনকেফেলাইটিছ আক্রান্ত হৈছে কেইবাজনো
ডিমৰীয়াত জাপানীজ এনকেফেলাইটিছ আক্রান্ত কেইবাজনো লোক


কামৰূপ, ২২ জুলাই (হি.স.) সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ উপকণ্ঠৰ ডিমৰীয়াতো জাপানীজ এনকেফেলাইটিছ আক্রান্ত হৈছে কেইবাজনো লোক।

সোণাপুৰ মহকুমা স্বাস্থ্য বিষয়াই জানিব দিয়া মতে সমগ্র ডিমৰীয়াত চলিত মাহতে পাঁচজন লোক আক্রান্ত হৈছে এই ৰোগত। আৰু ইয়াৰে ১৬বছৰীয়া এগৰাকী কিশোৰৰ মৃত্যু হৈছে যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই।

ইপিনে এই সম্পৰ্কত সোণাপুৰ ব্লক পিএইছ চিৰ তৰফৰ পৰা অঞ্চলে অঞ্চলে সজাগতামূলক পত্ৰিকা, আঠুৱা ঔষধীকৰণ, ধোঁৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে। নতুনকৈ এই ৰোগত কোনো লোক আক্ৰান্ত হোৱা নাই যদিও সৰ্তক আৰু সচেতন হ'বলৈ তেওঁ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ

হিন্দুস্থান সমাচাৰ / Narayan Kar / মনোজ কুমাৰ শইকীয়া


 rajesh pande