বাক্সা, ২২ জুলাই (হি.স.): বাক্সাৰ শালবাৰীত দেওবাৰে নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। নিশা কোনো নথকাৰ সুযোগ বুজি শালবাৰী বজাৰৰ কেবাখনো দোকানত চোৰে চলালে চাফাই অভিযান।
শালবাৰী বজাৰৰ প্ৰায় পাঁচখনকৈ দোকানৰ ভিতৰত তলা ভাঙি প্ৰৱেশ কৰে চোৰে। বজাৰখনৰ জাহিদুল ইছলাম, সঞ্জিত বিশ্বাস,ছামছুল হক,লম্বৰ গয়াৰী আৰু বিশ্বজিৎ মোদকৰ দোকানৰ পৰা প্ৰায় ১২ হাজাৰ টকা লৈ উধাও হয় চোৰ। ঘটনাক লৈ শালবাৰী আৰক্ষীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী ব্যৱসায়ী সকলে। শালবাৰী বজাৰত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ অহাৰো অভিযোগ উঠিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ / মনোজ কুমাৰ শইকীয়া