বৰপেটাৰ পাটবাউসী সত্ৰত মহাপুৰুষ দামোদৰ দেৱ গুৰুৰ ৪২৬ সংখ্যক তিৰোভাব তিথি পালন
বৰপেটা, ০৮ মে' (হি.স.)। বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে দামোদৰদেৱ গুৰুৰ তিৰোভাৱ তিথি মহোৎসৱ ৷
বৰপেটাৰ পাটবাউসী সত্ৰত মহাপুৰুষ দামোদৰ দেৱ গুৰুৰ ৪২৬ সংখ্যক তিৰোভাব তিথি পালন


বৰপেটা, ০৮ মে' (হি.স.)। বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে দামোদৰদেৱ গুৰুৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰক তথা পাটবাউসী সত্ৰৰ প্ৰতিস্থাপক শ্ৰীশ্ৰী দামোদৰ দেৱ গুৰুৰ ৪২৬ সংখ্যক তিৰোভাব তিথি মহোৎসৱ আদিসত্ৰ পাটবাউসীত সাত দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ।

বন্তি প্ৰজ্বলন, আই আৰু ভকতসকলৰ নাম প্ৰসংগৰ লগতে বিবিধ সত্ৰীয়া পৰম্পৰাৰে বুধবাৰে মূল তিৰোভাৱ তিথি পালন কৰা হৈছে । গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে সত্ৰত কৰভাৰ প্ৰদান কৰা হয় ।

শ্ৰীশ্ৰীদেৱ দামোদৰ সংঘ আৰু ৰাজ্যৰ বিভিন্ন সত্ৰৰ পৰা অহা ভক্তই শোভাযাত্ৰা কৰি পাটবাউসী সত্ৰলৈ পৰম্পৰাগত সত্ৰীয়া ৰীতিৰে কৰভাৰ প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande