তামিলনাডুৰ প্ৰথমজন বিজেপি বিধায়ক ভেলায়ুথামৰ দেহাৱসান, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
নতুন দিল্লী, ০৮ মে’ (হি.স.)। সমাজকৰ্মী তথা তামিলনাডুৰ প্ৰথম বিজেপি বিধায়ক চি ভেলায়ুথামৰ আজি দেহাৱস
তামিলনাডুৰ প্ৰথমজন বিজেপি বিধায়ক ভেলায়ুথাম


নতুন দিল্লী, ০৮ মে’ (হি.স.)। সমাজকৰ্মী তথা তামিলনাডুৰ প্ৰথম বিজেপি বিধায়ক চি ভেলায়ুথামৰ আজি দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল ৭৩ বছৰ। ভেলায়ুথামৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে লিখিছে যে তামিলনাডুৰ প্ৰথমজন বিজেপি বিধায়ক থিৰু চি ভেলায়ুথামৰ মৃত্যুত তেওঁ ব্যথিত। তেওঁৰ দৰে মানুহেই তামিলনাডুত আমাৰ দলটো গঢ়ি তুলিছে আৰু ৰাইজক আমাৰ উন্নয়নৰ এজেণ্ডা বুজাই দিছে। দুখীয়া আৰু অভাৱগ্ৰস্ত লোকৰ প্ৰতি থকা চিন্তাৰ বাবেও তেওঁক স্মৰণ কৰা হ’ব। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

উল্লেখযোগ্য যে ১৯৯৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত ভেলায়ুথামে পদ্মনাভপুৰমৰ আসন লাভ কৰিছিল। তামিলনাডু বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথমজন বিজেপি সদস্য।

হিন্দুস্থান সমাচাৰ/ সুশীল/মনোজ


 rajesh pande