উত্তৰ-পূবৰ মানুহৰ মুখাৱয়বক লৈ ছেম পিট্ৰ'ডাৰ বিতৰ্কিত মন্তব্য, মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া
-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই ভাৰতীয়ৰ দৰে, আমি এখন বৈচিত্ৰ্যপূৰ্ণ দেশৰ নাগৰিক গুৱাহাটী, ০৮ মে’(হ
হিমন্ত বিশ্ব


-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই ভাৰতীয়ৰ দৰে, আমি এখন বৈচিত্ৰ্যপূৰ্ণ দেশৰ নাগৰিক

গুৱাহাটী, ০৮ মে’(হি.স.)। উত্তৰ-পূর্বাঞ্চলৰ লোকৰ ৰং সন্দর্ভত ছেম পিত্রোডাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই। শৰ্মাই প্রত্যুত্তৰত কয় - ‘মোক দেখাত এজন ভাৰতীয়ৰ দৰে, আমি এখন বৈচিত্ৰ্যময় দেশৰ নাগৰিক৷’

শেহতীয়াকৈ ‘দ্য ষ্টেটছমেন’ক দিয়া এক সাক্ষাৎকাৰত ভাৰতৰ বৈচিত্ৰ্যৰ বৰ্ণনা কৰি উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ মুখত মন্তব্য দিয়াৰ বাবে ইণ্ডিয়ান ওভাৰচিজ কংগ্ৰেছৰ মুৰব্বী ছেম পিট্ৰ’ডাই সমালোচনাৰ সন্মুখীন হৈছে। পিট্ৰ’ডাই ‘উত্তৰাধিকাৰ কৰ’ৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়ায়। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত কংগ্ৰেছক নিৰ্বাচনী যুঁজত কঠিন অৱস্থাত পৰিছে।

এসময়ত ৰাজীৱ গান্ধীৰ প্ৰিয় বন্ধু আৰু এতিয়া ৰাহুল গান্ধীৰ ঘনিষ্ঠ বন্ধু ছেম পিত্রোডাই ভাৰতক বৈচিত্ৰময় দেশ বুলি অভিহিত কৰাৰ সময়তে কয়, ‘পূর্বাঞ্চলৰ মানুহ (পূর্বাঞ্চলৰ মানুহ) দেখাত চীনা, পশ্চিমৰ মানুহ আৰবৰ দৰে, উত্তৰৰ মানুহবোৰ বগা আৰু দক্ষিণৰ মানুহক আফ্ৰিকানৰ দৰে দেখা যাব পাৰে।'

অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সাক্ষাৎকাৰ সম্প্ৰচাৰিত হোৱাৰ লগে লগে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত উত্তৰ দিয়ে। এক্স হেণ্ডেলত ইংৰাজীত লিখা বক্তব্যটোৰ অসমীয়া অনুবাদ হৈছে, ‘ছেম ভাই, মই উত্তৰ-পূবৰ আৰু মোক ভাৰতীয়ৰ দৰে দেখা যায়। আমি বৈচিত্ৰময় দেশত বাস কৰোঁ - আমি দেখাত বেলেগ হ’ব পাৰে, কিন্তু আমি সকলোৱে এক।’-শৰ্মাই কয়- হামাৰে দেশ কে বাদে মে থোৰা তো সমাজ লো! শৰ্মাই পিত্ৰোডাক দেশ (ভাৰত) ভালদৰে বুজিবলৈ পৰামৰ্শ দিয়ে।

হিন্দুস্থান সমাচাৰ /সমীপ /মনোজ/অৰৱিন্দ


 rajesh pande