নলবাৰীত চলন্ত ৰে'লত খুণ্ডা ডাম্পাৰৰ
নলবাৰী, ০৮ মে' (হি.স.)। ডাম্পাৰ চালকৰ অতপালিৰ বাবে নলবাৰীত ভয়ংকৰ ঘটনা। চলন্ত ৰে’লত খুণ্ডা ডাম্পাৰৰ।
নলবাৰীত চলন্ত ৰে'লত খুণ্ডা ডাম্পাৰৰ


নলবাৰী, ০৮ মে' (হি.স.)। ডাম্পাৰ চালকৰ অতপালিৰ বাবে নলবাৰীত ভয়ংকৰ ঘটনা। চলন্ত ৰে’লত খুণ্ডা ডাম্পাৰৰ। নলবাৰী আৰু ঘগ্ৰাপাৰৰ মাজত সংঘটিত হয় এই ঘটনা। ১২৫০৫ নৰ্থইষ্ট এক্সপ্ৰেছত খুন্দা মাৰে টি আৰ ০৫ ১৮৯৭ নম্বৰৰ ডাম্পাৰে।

কামাখ্যা-আনন্দ বিহাৰ অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখনত খুণ্ডিয়াই ডাম্পাৰখনে। ডাৱল লাইন ৰে’লৱে ট্ৰেক নিৰ্মাণৰ কামত নিয়োজিত আছিল ডাম্পাৰখন। যাত্ৰীবাহী ৰে’লখনত ডাম্পাৰে খুণ্ডা মৰাৰ সময়তে সৃষ্টি হয় হুলস্থূলীয়া পৰিস্থিতিৰ। দুপৰীয়া প্ৰায় ২:২৫ বজাত সংঘটিত হয় এই ঘটনা। ডাম্পাৰৰ অতপালিত এতিয়া ৰেলৰ যাত্ৰী হৈ পৰিছে অসুৰক্ষিত।সৌভাগ্য জনক ভাৱে ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande