ৰঙিয়াত বিশ্ব ৰেডক্ৰছ দিৱস উপলক্ষে চিকিৎসা শিবিৰ
কামৰূপ, মে' (হি.স.)। আজি বিশ্ব ৰেডক্ৰছ দিৱস । বিশ্বৰ বিভিন্ন দেশৰ লগতে ৰঙিয়াতো বিশ্ব ৰেডক্ৰছ দিৱস উ
ৰঙিয়াত বিশ্ব ৰেডক্ৰছ দিৱস উপলক্ষে চিকিৎসা শিবিৰ


কামৰূপ, মে' (হি.স.)। আজি বিশ্ব ৰেডক্ৰছ দিৱস । বিশ্বৰ বিভিন্ন দেশৰ লগতে ৰঙিয়াতো বিশ্ব ৰেডক্ৰছ দিৱস উদযাপন কৰা হয় । ভাৰতীয় ৰেডক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাই দিৱস উপলক্ষে ৰঙিয়াৰ কৰ্তাখাটৰ বিদ্যাসাগৰ একাডেমীত এটি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে।

স্বাস্থ্য পৰীক্ষা শিবিৰত মধুমেহ, হাৰ্ট আৰু দন্ত পৰীক্ষা কৰা হয় । শিবিৰত শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। বিদ্যালয় খনৰ ছাত্র-ছাত্ৰীৰ লগতে স্হানীয় ৰাইজৰো দাত পৰীক্ষা কৰাৰ লগতে টুথপেস্ট ,ব্ৰাছ আদি বিতৰণ কৰে । ৰেডক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাৰ যুটীয়া সম্পাদক তথা কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাই আত ধৰা অনুষ্ঠানটোত সভাপতি ডা: চফিকুল হক আৰু সম্পাদক ডা: খবিৰুদ্দিন আহমেদে ৰেডক্ৰছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ।বিশ্বৰ ১৯২ খন দেশত এই মহান অনুষ্ঠানটোৱে বিশ্বৰ দুৰ্গত লোকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে । নিজৰ জীৱনক তুচ্ছ কৰি বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগ , দুৰ্ভিক্ষ , যুদ্ধ বিধস্ত অঞ্চলত মানৱ সেৱা কৰি আহিছে স্বেচ্ছাসেৱক সকলে। আজিৰ স্বাস্থ্য পৰীক্ষা শিবিৰত ডা: চফিকুল হক আৰু সম্পাদক ডা: খবিৰুদ্দিন আহমেদ অংশগ্ৰহণ কৰে। শিবিৰটো পৰিচালনা কৰাত সহযোগ কৰে ৰেডক্ৰছৰ নজৰুল ইছলাম ,চামচুল হক , তবিবৰ ৰহমান ,শ্বামিম ইৰফান ,অংকিত পালে।

ইফালে বিদ্যালয় খনৰ অধ্যক্ষ মাধৱ চহৰীয়া শিক্ষক তাইজুল আলী , দ্বীপজ্যেতি কলিতা ,অংকুৰ কলিতা , ইচফাক হুছেইন, চায়েদুৰ ৰহমান, ৰুমী কলিতা ভৰালী , সুস্মিতা ডেকা, মমী বেগম, ফাতেমা বেগম ,ভাস্বতী কলিতা , গৰিমা দেৱী , গীতা কলিতাৰ লগতে সমাজকৰ্মী তথা অধ্যাপক তবিবৰ ৰহমান উপস্থিত থাকি শিবিৰ টো পৰিচালনা কৰাত সহযোগ কৰে ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande