ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া বিপদত ডিব্ৰুগড় চহৰ
ডিব্ৰুগড়, ০৮ মে' (হি.স.)। কি হব এইবাৰ বাৰিষাত ডিব্ৰুগড় চহৰৰ। বিগত প্ৰায় চাৰি পাঁচ বছৰ ধৰি ব্ৰহ্মপুত
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া বিপদত ডিব্ৰুগড় চহৰ


ডিব্ৰুগড়, ০৮ মে' (হি.স.)। কি হব এইবাৰ বাৰিষাত ডিব্ৰুগড় চহৰৰ। বিগত প্ৰায় চাৰি পাঁচ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰৱল গঢ়া খহনীয়াই ঐতিহাসিক ডিব্রুগড় চহৰৰ প্ৰতি প্ৰৱল ভাবুকিৰ সৃষ্টি কৰি আহিছে।মাইজনৰ পৰা আইথানলৈ প্ৰায় ৯ কিলোমিটাৰ অঞ্চল আজিৰ তাৰিখত আটাইতকৈ ভয়াবহ খহনীয়া প্ৰদত্ব অঞ্চলৰূপে চিহ্নিত হৈছে।বিগত চাৰি পাঁচ বছৰৰ পৰা এই অঞ্চলটোতেই ব্ৰহ্মপুত্ৰৰ গঢ়া খহনীয়া আটাইতকৈ বেছিকৈ হোৱা পৰিলক্ষিত হৈছে।

খহনীয়ৰ ফলত মাইজন অঞ্চলত মূল মাথাউৰী ইতিমধ্যে স্থানান্তৰিত কৰিব লগীয়া হৈছে। প্ৰতিটো বাৰিষাতে এই অঞ্চলৰ কৰবাত নহয় কৰবাত ভয়নকৰূপত গঢ়া খহাই আহিছে।আতাইতকৈ চিন্তনীয় বিষয় এয়ে যে এই খহনীয়া প্ৰদত্ব অঞ্চলটোতেই আছে ঐতিহাসিক ডিব্রুগড় চহৰ।যাৰ ফলত প্ৰতিটো বাৰিষাতেই চহৰখন গভীৰ সংকটৰ সন্মুখীন হবলগীয়া হয়।উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো চহৰৰ একেবাৰে কাষলৈ চাপি অহাত ইয়াৰ প্ৰৱল সোঁতে বাৰিষাই নহয় খৰালীটো চপৰা চপৰে গঢ়া খহাবলৈ ধৰিছে।যাৰ পৰিপ্ৰেক্ষিতত নৈৰ সুঁতিয়ে নগৰ সুৰক্ষা বন্ধটো স্পৰ্শ কৰাত এতিয়া এই বন্ধটোৰ প্ৰতি সৃষ্টি হৈছে প্ৰৱল ভাবুকি।উল্লেখযোগ্য যে এই নগৰ সুৰক্ষা বান্ধটো হৈছে ডিব্ৰুগড় চহৰৰ প্ৰাণ ৰেখা।বাৰিষাৰ সাগৰ সদৃশ মহাবহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ পৰা চহৰখনক একমাত্ৰ এই বান্ধ অথবা মাথাউৰীটোৱেই ৰক্ষা কৰি আহিছে।এই মাথাউৰীটোৰ সামান্য ক্ষতি হলেই ডিব্ৰুগড় চহৰৰ প্ৰতি আহিব ভয়ানক বিপদ।যোৱা দুই তিনি বছৰৰ পৰা এই মাথাউৰীটোৰ ওপৰত প্ৰবল চাপ পৰা পৰিলক্ষিত হৈছে।মোহনাঘট অঞ্চলত এই মাথাউৰীৰ ভেটিও একাংশ খহাই নিছে ফলত বিপদ বছৰে বছৰে বাঢ়ি গৈ আছে।যি বিপদৰ আশংকাই এতিয়া খুলি খুলি খাইছে ডিব্ৰুগড় বাসীক।আঞ্চলতোৰ শতাধিক ঘৰ ইতিমধ্যে নদীত জাহ গৈছে।চলিত বৰ্ষতো বাৰিষা নৌ আহোঁতেই 12 টাকৈ ঘৰ নদীত জাহ গল।এতিয়া বাৰিষা অহাৰ লগে লগে খহনীয়াৰ দূঃচিন্তাই আৱৰি ধৰে ডিব্ৰুগড় বাসীক।খহনীয়াত মাটি ভেটি হেৰুৱাই ইতিমধ্যে শতাধিক নৈপৰিয়া পৰিয়াল আন ঠাইলৈ আঁতৰি গৈছে।এই সমগ্ৰ অৱস্থা -ব্যৱস্থা চোৱা চিতা কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগ বুলি এটা বিয়াগোম বিভাগ আছে।কিন্তু বিভাগটোৰ কাম কাজকলৈ ৰাইজ অলপো আশ্বস্ত হব পৰা নাই।কাৰণ খৰালি হাত হাৱতি বহি থকা বিভাগটোৱে বাৰিষা গঢ়া খহনীয়া হলে বালিৰ বস্তা আৰু কেইডালমান পাৰকুপাইনলৈ দৌৰা ঢপৰা কৰাৰ বাদে বিশেষ তৎপৰতা দেখা পোৱা নাযায়।বিগত কেইবা বছৰ ধৰি বিভাগটোৱে খহনীয়া প্ৰতিৰোধৰ নামত এই কামটোৱেই কৰি আহিছে। বিগত বৰ্ষত ডিব্ৰুগড়ৰ খহনীয়া পৰ্যবেক্ষণ কৰিবলৈ আহি বুকু কঁপি উঠিছিল বিশেষজ্ঞ দলৰ। তাৎক্ষণীক ব্যৱস্থা নললে চহৰ খনৰ প্ৰতি আহিব লগীয়া বিপদৰ বিষয়েও সকীয়াই দিলে প্ৰশাসনক। যাৰ পৰিপ্ৰেক্ষিতত শেষতীয়াকৈ এন আই ডি এ ৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ বাবে ৭০ কোটি অধিক টকাৰ অনুমোদন দিয়া হয়। যোৱা ফেব্ৰুৱাৰী মাহত এই কামৰ শুভাৰম্ভ কৰা হয় । অঞ্চলটোৰ খহনীয়াৰ ভয়াবহতালৈ চাই কামৰ গতি যি যুদ্ধকালীন তৎপৰতাৰে হব লাগিছিল সেয়া কিন্তু হৈ উঠা নাই।তেনেই শামুকীয়া গতিত কাম আগবঢ়াত এই বছৰো বৃহৎ অংশ গঢ়া খহনীয়াত জাহ যোৱাটো খাটাং হৈ পৰিছে আৰু এই খহনীয়া ইতিমধ্যে আৰম্ভ হৈছে। ফলত জলসম্প বিভাগটো পুনৰ সাজু হৈছে বালিৰ বস্তা আৰু বাঁহ জোং লৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধিবলৈ।

এইটো কথা ঠিক যে কেইটামান বালিৰ বস্তা,কেইটামান পাৰকুপাইন অথবা হ্ৰস্ব ম্যাদী আঁচনিৰে ব্ৰহ্মপুত্ৰৰ গঢ়া খহনীয়াৰ পৰা ডিব্ৰুগড় চহৰক সুৰক্ষিত কৰিব পৰা নাযাব। ঐতিহাসিক চহৰখনক ৰক্ষা কৰিবলৈ দীৰ্ঘ ম্যাদী আৰু বৃহৎ আঁচনিৰ প্ৰয়োজন।কিন্তু এইবিলাকলৈ মন দিয়ে কোনে। মন্ত্ৰী বিধায়ক সকল পাকৈত কথাৰ ফুলজাৰি মৰাত। নিজৰ গাদী ক্ষমতা ৰক্ষাত সদা ব্যস্ত মন্ত্ৰী বিধায়ক সকল আহি মাজে মধ্যে বৰ বৰ কথাৰে সমস্যা সমাধানৰ কথা কয় কিন্তু সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হয়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande