উত্তৰ-পূবক অপমান কৰাৰ অভিযোগত ছেম পিত্রোডাৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ : বীৰেন সিং
ইম্ফল, ০৮ মে’ (হি.স.)। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক লৈ দায়িত্বহীন
আদালত


ইম্ফল, ০৮ মে’ (হি.স.)। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক লৈ দায়িত্বহীন মন্তব্য কৰা কংগ্ৰেছ নেতা ছেম পিত্রোডাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব।

মুখ্যমন্ত্রী বীৰেণ সিঙে বুধবাৰে কয় যে কংগ্ৰেছ নেতা ছেম পিত্রোডাই ভাৰতীয় নাগৰিকক মুখৰ ছবিৰ বিভাজন কৰিছে ৷ লগতে ছেমৰ এই মন্তব্যক বৰ্ণবাদী আৰু দায়িত্বহীন বুলি গৰিহণা দি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। বীৰেণ সিঙে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিকে নিজকে চীনা নহয়, আনুগত্যশীল ভাৰতীয় বুলি গণ্য কৰে। ছেম পিট্ৰ’ডাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে অধিবক্তাৰ লগত পৰামৰ্শ লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। লগতে কংগ্ৰেছ দলে ‘বিভাজন আৰু শাসন’ নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ছেম পিট্ৰ’ডাই ভাৰতৰ বৈচিত্ৰ্যৰ বৰ্ণনা কৰাৰ সময়ত উত্তৰ-পূব অঞ্চলৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ জনসাধাৰণৰ মুখৰ বিষয়ে মন্তব্য কৰিছিল।

হিন্দুস্থান সমাচাৰ/সমীপ/মনোজ/অৰবিন্দ


 rajesh pande