গোলাঘাটৰ মৰঙিত সংঘটিত হিট এণ্ড ৰাণৰ ঘটনাত আটক তিনিজন
গোলাঘাট, ০৭ মে’(হি.স.)। গোলাঘাটৰ মৰঙিত নিশা হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত হৈছে ৷ পথৰ কাষত ৰখাই থোৱা দুখন
গোলাঘাটৰ মৰঙিত সংঘটিত হিট এণ্ড ৰাণৰ ঘটনাত আটক তিনিজন


গোলাঘাট, ০৭ মে’(হি.স.)। গোলাঘাটৰ মৰঙিত নিশা হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত হৈছে ৷ পথৰ কাষত ৰখাই থোৱা দুখনকৈ বাহন বিধ্বস্ত হৈ পৰে ৷ ফলত কেইবাজনো ব্যক্তিৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ গোলাঘাটৰ মৰঙি চাৰিআলিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা উদণ্ড যুৱক-যুৱতীৰ হিট এণ্ড ৰাণ ৷

সুৰামত্ত দুই যুৱক আৰু এগৰাকী যুৱতী আহিছিল গোলাঘাটৰ পৰা দেৰগাঁও-নুমলীগড় হৈ তীব্ৰ বেগত। এ এচ ০৬ পি ০৩৩৯ নম্বৰৰ বিলাসী আৰ্টিকা বিলাসী বাহনেৰে ৰাজপথত তাণ্ডৱ চলায় ৷ ফলত দুখনকৈ পথৰ কাষত ৰখাই থোৱা বাহন মহতিয়াই বিধ্বস্ত কৰাৰ উপৰি প্ৰাণ ৰক্ষা পৰে পথৰ কাষত থকা কেইবাজনো ব্যক্তিৰ৷

লগতে অচল হৈ পৰে ঘটনা সংঘটিত কৰা বাহনখন ৷ বাহন খনৰ পৰা উদ্ধাৰ এগৰাকী কিশোৰী যুৱতী সহ দুই সুৰামত্ত যুৱক ৷ ৰাইজে তিনিওকে আটক কৰি নুমলীগড় আৰক্ষীক গতাই দিয়ে ৷ ৰঙাজানৰ চাহিল আহমেদ, গোলাঘাট টেনপুৰৰ এগৰাকী যুৱতী সহ আন এজন যুৱক জিতেন সোনোৱালক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে পথৰ কাষত ৰখাই থোৱা এ এচ ০৫ এফ ৪০৫৬ নম্বৰৰ বাইক খন আৰু এ এচ ০৫ এন ৮৯৭৯ নম্বৰৰ এলট’ খন হিট এণ্ড ৰাণ সংঘটিত কৰা আৰ্টিকা বাহনৰ খুন্দাত বিধ্বস্ত হৈ পৰে ৷ এই সন্দৰ্ভত আৰ্টিকা খন আৰু তিনি উদণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande